Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত বিদ্যুতৰ লুকা-ভাকু । ২৪ ঘণ্টাত ২ ঘণ্টা পৰ্যাপ্ত বিদ্যুত যোগান নাপায়...

মানকাচৰত বিদ্যুতৰ লুকা-ভাকু । ২৪ ঘণ্টাত ২ ঘণ্টা পৰ্যাপ্ত বিদ্যুত যোগান নাপায় জনতা

উতকট গৰমৰ মাজত দক্ষিণ শালামাৰা-মানকাচৰ জিলাত বিদ্যুত যোগানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মানকাচৰ বিদ্যুত উপ সংমণ্ডলৰ কাৰ্যালয়। ৰাজ্যত ২৪ ঘণ্টাৰ বিদ্যুত যোগানৰ গেৰাণ্টি দি অসমত গেৰুৱা চৰকাৰ গঠন কৰিছিল। কিন্তু চৰকাৰো ৰাজ্যত পৰ্যাপ্ত বিদ্যুত সেৱা যোগান দিয়াত ব্যৰ্থ হৈছে। বিশেষকৈ মানকাচৰ জিলাত একাংশ গাওঁত একেলগে চাৰি ঘণ্টালৈ বিদ্যুতৰ লোড শ্বিডিং দেখুৱাই বিদ্যুত সেৱা কৰ্তন কৰি ৰখা ঘটনাই বিদ্যুত গ্ৰাহকৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে। চাৰিঘণ্টাৰ মুৰত এক ঘণ্টাৰ বাবে বিদ্যুত যোগান দিয়া হয় যদিও সেই সময়খিনিত প্ৰায় ১০-১২ বাৰ বিদ্যুত কৰ্তন কৰা হয়। এনেকি যিখিনি সময়ত বিদ্যুত সেৱা যোগান দিয়া হয় সেই সময়খিনিত ভল্টেজ নথকাত সাধাৰণ জনতা মোবাইল ফোন প্ৰযন্ত চাৰ্জ কৰিব নোৱাৰা হৈ পৰিছে। প্ৰতিদিনে বিদ্যুতৰ এনে সমস্যাক লৈ একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতো বিদ্যুত বিভাগে জিলাখনৰ প্ৰতি সামান্য পৰিমানেও গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ইফালে দিনত মাত্ৰ ১-২ ঘণ্টা সময় বিদ্যুত যোগান দি অত্যাধিক বিদ্যুত বিল আদায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে মানকাচৰ বিদ্যুত বিভাগৰ বিৰুদ্ধে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments