Friday, September 13, 2024
Google search engine
গৃহস্থানীয়ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম ডকাইতি ।। ডকাইত গ্ৰেপ্তাৰ

ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম ডকাইতি ।। ডকাইত গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ আইৰমাৰী চৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এটা ডকাইতক গ্ৰেপ্তাৰ কৰিছে। ধৃত ডকাইতটোক নাম সাহজাহান আলী বুলি চিনাক্ত কৰা হৈছে। যোৱা ১৭ এপ্ৰিল পুৱতি নিশা প্ৰায় ৩ বজাত ১৫-২০ জনীয়াৰ ডকাইতৰ দল এটা ধুবুৰী-ফুলবাৰী নিৰ্মীয়মান দলঙৰ ১০০ নম্বৰ খুটাৰ ওচৰত থকা ছাউনীত ডকাইতি কাণ্ড সংঘটিত কৰিছে। ডকাইতৰ দলটো আমিৰুল হক আৰু ছাহজাহান নামৰ দুই ছিকিউৰিটি গাৰ্ডক প্ৰহাৰ কৰি ছাউনী খনত থকা দুটা কম্পিউটাৰ ছেট, দুটা বেটাৰী, সৌৰ চালিত সামগ্ৰীৰ উপৰিও বিভিন্ন সামগ্ৰী তথা চিচি টিভি লুটি লৈ যায়। ঘটনাক লৈ দলং খনৰ কামৰ দায়িত্ব লাভ কৰা L & T কোম্পানীয়ে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে । উক্ত এজাহাৰৰ ভিত্তীত আৰক্ষীয়ে অনুসন্ধান চলাই যোৱা নিশা ফকিৰগঞ্জ থানা এলেকাৰ আইৰমাৰী চৰত অভিযান চলায়। এই অভিযানত চৰ খনৰ পৰা আব্দুল হাইৰ পুত্ৰ ছাহজাহান আলী (২৫) নামৰ ডকাইতটোক কৰায়ত্ব কৰে। ডকাইতটোক আজি ধুবুৰী আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ডকাইতটোৰ ঘৰৰ পৰা পৰা এটা সৌৰ চালিত সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments