Friday, October 18, 2024
Google search engine
গৃহক্ৰীড়াএইচ পি এলৰ আজি অন্তিম প্ৰি-কোৱাৰ্টাৰ ফাইনেল

এইচ পি এলৰ আজি অন্তিম প্ৰি-কোৱাৰ্টাৰ ফাইনেল

যোৱা ১১ এপিৰলত এইচ পি এলৰ ৬ নম্বৰ প্ৰি কোৱাৰ্টাৰ খেলখন ফেকামাৰী আঞ্চলিক জি এম আৰু বি.জে.ওৱাই এম দলৰ মাজত অনুষ্ঠিত হয় । খেলখনত ফেকামাৰী আঞ্চলিক দল প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৪ উইকেটৰ বিনিময় ৮৪ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বিজেওৱাইএম ৭.৫ অভাৰত তিনি উইকেট হেৰুৱাই ফেকামাৰী আঞ্চলিক দলক শোচনীয় ভাবে পৰাস্ত কৰে। ১২ এপ্ৰিলত ৭ নম্বৰ প্ৰি কোৱাৰ্টাৰ খেলখন ডমিনেটৰছ এফ চি আৰু গেম চেঞ্জাৰ মলাখোৱা দলৰ মাজত অনুষ্ঠিত হৈ আছে। ডমিনেটৰছ এফ চি টচত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৰত ৩ উইকেটৰ বিনিময়ত ১১০ ৰান কৰে। মলাখোৱা দল প্ৰত্যুত্তৰত ৭ অভাৰ ২ বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰান সংগ্ৰহ কৰি শোচনীয় বাবে পৰাস্ত হয়। আজি সন্ধিয়া ৯.৩০ বজাৰ পৰা ভূৰাকাটা আৰু মানকাচৰ দলৰ মাজত ৮ নম্বৰ প্ৰিকোৱাৰ্টাৰ খেল অনুষ্ঠিত হৈ আছে। এইচ পি এলত কালি সন্ধিয়া ৯ বজাৰ পৰা এম এল এ-১১ আৰু উকীল সন্থা ১১ ৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। ইয়াৰ পাচত ১৬ এপ্ৰিলৰ পৰা কোৱাৰ্টাৰ ফাইনেল খেল আৰম্ভ হব। ১৬ এপ্ৰিলত শান্তিপুৰ আৰু হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ মাজত প্ৰথম কোৱাৰ্টাৰ ফাইনেল হোৱাৰ পাচত ১৭ এপ্ৰিলত দাফাদাৰপাৰা আৰু গ্লবেলৰ মাজত দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments