Saturday, July 20, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰীত প্ৰধান শিক্ষকক টেবলেট বিতৰণ

হাটশিঙিমাৰীত প্ৰধান শিক্ষকক টেবলেট বিতৰণ

স্কুলীয়া শিক্ষা ব্যৱস্থাত আমূল পৰিবৰ্তন আনিবলৈ সমগ্ৰ শিক্ষা অভিয়ানৰ জৰিয়তে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৪১৪ গৰাকী প্ৰধান শিক্ষকক এখনকৈ টেবলেট বিতৰণ কৰা হয়। টেবলেট বিতৰণ উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। এই সভাখনত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জিলা অতিৰিক্ত উপায়ুক্ত ড০ হিতেশ মজুমদাৰ উপস্থিত থাকি ১০ গৰাকী শিক্ষকক টেবলেট বিতৰণ কৰি বিতৰণ কাৰ্যসূচীৰ শুভাৰাম্ভ কৰা হয়। ইয়াৰ পাচত মানকাচৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষক সকলক টেবলেট সমূহ বিতৰণ কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments