Saturday, September 14, 2024
Google search engine
গৃহক্ৰীড়া৬ এপ্ৰিলৰ পৰা এইচ পি এলৰ প্ৰি কোৱাৰ্টাৰ

৬ এপ্ৰিলৰ পৰা এইচ পি এলৰ প্ৰি কোৱাৰ্টাৰ

হাটশিঙিমাৰী প্ৰিমিয়াম লীগ চমুকৈ এইচ পি এল ছিজন-২ ৰ প্ৰথম পৰ্যায়ত মুঠ ৩২ টা দলৰ মাজত ১৬ খন খেল অনুষ্ঠিত হৈছে। নক আউট পৰ্যায়ৰ প্ৰতিযোগিতা খনত ১৬ টা দল প্ৰি কোৱাৰ্টাৰত প্ৰবেশ কৰিছে। অহা ৬ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ প্ৰি কোৱাৰ্টাৰত প্ৰবেশ কৰা দল কেইটাৰ মাজত দ্বিতীয় পৰ্যায়ৰ খেল সমূহ অনুষ্ঠিত কৰা হব। ৬ এপ্ৰিলত  প্ৰথম প্ৰি কোৱাৰ্টাৰ খেল শান্তিপুৰ আৰু পেচাৰকান্দিৰৰ মাজত অনুষ্ঠিত হব। ৭ এপ্ৰিলত দ্বিতীয় প্ৰি কোৱাৰ্টাৰ খেল কানাইমাৰা আৰু দাফাদাৰপাৰা দলৰ মাজত অনুষ্ঠিত হব। ৮ এপ্ৰিলত তৃতীয় প্ৰি কোৱাৰ্টাৰ জ্ঞান বিকাশ একাডেমী আৰু R & W ছোচাইটিৰ মাজত অনুষ্ঠিত হব। ৯ এপ্ৰিলত চতুৰ্থ প্ৰি কোৱাৰ্টাৰ ঠাকুৰাণবাৰী আৰু গ্লবেলৰ মাজত অনুষ্ঠিত হবষ। ১০ এপ্ৰিলত পঞ্চম প্ৰি কোৱাৰ্টাৰ এম্বুলেঞ্চ আৰু পুৰান দিয়াৰা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব। ১১ এপ্ৰিলত ষষ্ঠ প্ৰি কোৱাৰ্টাৰ BJYM আৰু ফেকামাৰী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব। ১২ এপ্ৰিলত সপ্তম প্ৰি কোৱাৰ্টাৰ মলাখোৱা আৰু ফুলেৰচৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব আৰু ১৩ এপ্ৰিলত অষ্টম প্ৰি কোৱাৰ্টাৰ ভূৰাকাটা আৰু মানকাচৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হব। ১৬ টা দলৰ মাজত ৮ টা প্ৰি কোৱাৰ্টাৰ অনুষ্ঠিত হোৱাৰ পাচত  ৮ টা দলৰ মাজত কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত কৰা হব। ইয়াৰ পাচত ৪ খন দলৰ মাজত ছেমি ফাইনেল হোৱাৰ অন্তত এইচ পি এলৰ ফাইনেল খেলখন অনুষ্ঠিত হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments