Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ত কৃষি বিভাগৰ বিশেষ সভা

হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয়ত কৃষি বিভাগৰ বিশেষ সভা

দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত মঙলবাৰে দিনৰ ৩ বজাত জিলা প্ৰশাসনৰ সৈতে জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু সাৰৰ দোকানী সকলৰ মাজত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই সভাত জিলা অতিৰিক্ত উপায়ুক্ত হিতেশ মজুমদাৰ আৰু জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক উপস্থিত আছিল। সভাখনৰ জৰিয়তে জিলাখনৰ কৃষক সকলক খেতি-পথাৰত কেবল উইৰীয়া সাৰ ব্যৱসাৰ নকৰি সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সাৰ তথা কিটনাশক দ্ৰব্য সংহত ভাবে ব্যৱহাৰ কৰাৰ বাবে জিলা প্ৰশাসনে আহ্বান জনায়। একেদৰে জিলাখনৰ সাৰৰ দোকানী সকলে যাতে কৃষক সলক সাৰৰ দাম চৰকাৰী নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰে তাৰ বাবেও জিলা প্ৰশাসনে আহ্বান জনায়। আনহাতে কৃষক সকলৰ মাজত নেনো ইউৰীয়া ব্যৱহাৰ সম্পৰ্কে প্ৰচাৰ কৰাৰ বাবে সাৰৰ দোকানী সকলে আগভাগ লোৱাৰ বাবে জিলা প্ৰশাসনে সাৰৰ দোকানী সকলক আহ্বান জনাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments