Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং কাপোৰ জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং কাপোৰ জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তৰ জোৰডাঙাত মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত আৰক্ষী আৰু বিএছএফে যৌথ অভিযান চলাই প্ৰায় ৫ লক্ষাধিক টকাৰ চোৰাং কাপোৰ জব্দ কৰিছে। কাপোৰখিনি চোৰাং সৰবৰাহকাৰীয়ে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি সৰবৰাহ কৰি থকা অৱস্থাত সীমান্তত টহল দি থকা বিএছএফ আৰু আৰক্ষীয়ে কাপোৰখিনি জব্দ কৰে যদিও চোৰাং সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কাপোৰখিনি বিএছএফে মানকাচৰ থানাত জমা কৰাত আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments