Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত বাল্য বিবাহ আৰু যান বাহন আইনৰ সজাগতা

হাটশিঙিমাৰীত বাল্য বিবাহ আৰু যান বাহন আইনৰ সজাগতা

হাটশিঙিমাৰী গ্ল’বেল ইডুকেশ্বন এণ্ড টেকনো ওৱাৰ্ডলৰ উদ্যোগত মঙলবাৰে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত বাল্য বিবাহ আৰু যান-বাহন পৰিবহন বিভাগৰ নীতি নিয়মক লৈ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

এই সজাগতা সভাখনত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী আৰু জিলা আৰক্ষী অধীক্ষক হৰেন টকবী ভাষণ প্ৰদান কৰে। বাল্য বিবাহ হলে কেনে ধৰণে সমাজৰ ক্ষতি হয় আৰু বাল্য বিবাহ আইন সন্দৰ্ভত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী আৰু জিলা আৰক্ষী অধীক্ষক হৰেন টকবী প্ৰদান কৰে । একেদৰে ইৰিক্সা চালক সকলৰ লগতে সকনো লোক যান-বাহন আইন মানি চলিবলৈ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক জনে আহ্বান জনায়।

ইয়াৰ পিছতেই গ্ল’বেল ইডুকেশ্বন এণ্ড টেকনো ওৱাৰ্ডলৰ ফালৰ পৰা যান-বাহন আইন সম্পৰ্কে লিখা থকা দুই শতাধিক ই ৰিক্সা চালকক এখনকৈ টি-শ্বাৰ্ট বিতৰণ কৰে । ই ৰিক্সা চালকসকলে এই টিশ্বাৰ্ট পিন্ধি চলাচল কৰিলে যাত্ৰী সকল আইন সম্পৰ্কে অৱগত হ’ব । লগতে ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি হ’ব বুলি জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে মন্তব্য প্ৰদান কৰে ।

সজাগতা সভাখনত জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ জহিৰুল ইছলাম,  গ্লবেল ইডুকেশ্বন এণ্ড টেকনো ওৱাৰ্ডলৰ এম ডি নাজিৰ হুছেইন মোল্লাৰ লগতে জিলা যান-বাহন পৰিবহন বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments