Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত আৰক্ষী-বিএছএফৰ যৌথ অভিযানত চোৰাং কাপোৰ জব্দ

মানকাচৰত আৰক্ষী-বিএছএফৰ যৌথ অভিযানত চোৰাং কাপোৰ জব্দ

চোৰাং পশুধন, ড্ৰাগছ, নিচাযুক্ত টেবলেট, মদ, ভাং তথা জালনোটৰ সমান্তৰালভাবে মানকাচৰ-বাংলাদেশ সীমান্তয়েদি চোৰাং কাপোৰ সৰবৰাহ হোৱা ঘটনা পোহৰলৈ আহিছে। আজি পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ থানা এলেকাৰ অধীনস্থ জোৰডাঙা বিএছএফ কেম্প এলেকাৰ বাংলাদেশ সীমান্তৰ পৰা আৰক্ষী আৰু বিএছএফে প্ৰায় ৫ লক্ষাধিক টকাৰ চোৰাং কাপোৰ জব্দ কৰিছে। প্ৰাপ্ত বাতৰি মতে, মানকাচৰ থানাৰ আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তীত নিশাৰ পৰা জোৰডাঙাৰ ৪৫ নং বেটেলিয়ান বিএছএফৰ সৈতে সীমান্তত টহল দিবলৈ আৰম্ভ কৰে। পুৱতি নিশা প্ৰায় তিনি বজাত চোৰাং সৰবৰাহকাৰীয়ে কাপোৰৰ টোপোলা সহ সীমান্তত উপস্থিত হৈ বাঁহৰ ঢেঁকিত বান্ধি গৰুৰ দৰে কাপোৰ সৰবৰাহ কৰিবলৈ ধৰাত টহলধাৰী বিএছএফ আৰু আৰক্ষী উপস্থিত হৈ কাপোৰখিনি জব্দ কৰে। কিন্তু আৰক্ষী-বিএছএফ উপস্থিত হোৱাৰ পূৰ্বে কাপোৰ সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কাপোৰখিনি বৰ্তমান বিএছএফে মানকাচৰ থানাত জমা কৰাত আৰক্ষীয়ে জব্দ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments