কাইলৈৰ পৰা ৰাজ্যজুৰি স্বাস্থ্য সেৱা উৎসৱ

0
62

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত আৰম্ভ হব স্বাস্থ্য সেৱা উৎসৱ। সামগ্ৰীক ভাবে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ বাবে অসম চৰকাৰে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীত ৰাজ্যজুৰি ১২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি লৈছে চৰকাৰে।

    সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো কাইলৈৰ পৰা ৮ এপ্ৰিললৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। মূল্যায়নৰ বাবে ৰাজ্য ১২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি লোৱা অনুসৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ১০ খন চৰকাৰী চিতিতসালয়ত এই মূল্যায়নৰ কাৰ্যসূচী সম্পন্ন কৰা হব। জিলাখনত এখন মহকুমা অসামৰিক চিকিতসালয়, দুখন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু ৭ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যসেৱাৰ মানদণ্ডৰ পৰিমাপ নিৰ্ণয় কৰা হব।

উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে, স্বাস্থ্য খণ্ডত ৰূপায়ন কৰিবলৈ লোৱা এই স্বাস্থ্য সেৱা উৎসৱ দেশৰ ভিতৰত প্ৰথম। শিক্ষা বিভাগৰ গুণোৎসৱৰ আৰ্হিত স্বাস্থ্য উতসৱত আন্তঃমূল্যায়ন আৰু বহিঃমূল্যায়নৰ ব্যৱস্থা থাকিব। স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে স্বাস্থ্য সেৱাত থাকি যোৱা আসোঁৱাহ তথা ত্ৰুটিসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰি ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানক ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে।