হাটশিঙিমাৰীত কৃষকক ফচল বীমা যোজনাৰ পলিচি বিতৰণ

0
59

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাক লৈ হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ত কৃষক সকলক লৈ জিলা কৃষি বিভাগে আজি পলিচি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। ২০২২-২৩ বৰ্ষৰ বাবে ফচল বীমা যোজনাৰ অধীনত বীমা কৰা কৃষক সকলক এই পলিচি বিতৰণ কৰা হয়। জিলাখনত এইবাৰ মুঠ  ২৪৮৮ কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰিছে বুলি জিলা কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হকে জানিবলৈ দিছে।