দক্ষিণ শালমাৰাত পথ নিৰ্মাণত দূৰ্নীতি, উপায়ুক্তৰ তদন্ত

0
60

দক্ষিণ শালমাৰাত লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ পথ নিৰ্মাণত জিলা উপায়ুক্তক কেৰেপ নকৰে বুলি এম নিউজত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত কালি হাটশিঙিমাৰী জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী পথটোত উপস্থিত হৈ কামৰ তদন্ত কৰে। উপায়ুক্ত গৰাকীয়ে পথৰ কাম সঠিকভাবে কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰত নিৰ্দেশ দিয়ে। দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ পৰা টুমনিলৈ প্ৰায় আঢ়ৈ কোটি টকা ব্যায় সাপেক্ষে গড়কপ্তানি বিভাগে নাবাৰ্ড আচনিৰ জৰিয়তে চিচি ব্লকৰ পথ নিৰ্মাণ কৰি আছে। পথটো নিৰ্মাণৰ ক্ষেত্ৰত দূৰ্নীতি হোৱা বুলি আমছুয়ে অভিযোগ উত্থাপন কৰিছে।