হাটশিঙমাৰী-বাংলাদেশ সীমান্তৰ দ্বীপচৰত ৬ টা চোৰাং গৰু জব্দ

0
94

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তৰ দ্বীপচৰত আজি পুৱতি নিশা ৪৫ নং বেটেলিয়ান সীমান্ত সুৰক্ষা বাহিনীয়ে ৬ টা চোৰাং গৰু জব্দ কৰিছে। জব্দ কৰা গৰু কেইটা চোৰাং সৰবৰাহকাৰীয়ে কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ আনিছিল। টহলধাৰী বিএছএফ জোৱান গৰু কেইটা জব্দ কৰি আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে গোশালাত জমা কৰিছে বুলি জানিব পৰা গৈছে।