Friday, October 18, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত গৰু ছিন্তাই কৰাৰ অভিযোগত ছুৰুত জামানক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰাত গৰু ছিন্তাই কৰাৰ অভিযোগত ছুৰুত জামানক গ্ৰেপ্তাৰ

দক্ষিণ শালমাৰা আৰক্ষীৰ নাম লৈ চোৰাং গৰুৰ সন্দেহত তিনি গো-পালকৰ গৰু ছিন্তাই কৰা ছুৰুত জামান আহমেদক আজি দক্ষিণ শালমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰিছে। ধুবুৰী জিলাৰ মাজেৰ চৰৰ পৰা তিনিগৰাকী গো-পালকে আদালত আৰু গাওঁ পঞ্চায়তৰ অনুমতি লৈ তেওঁলোকৰ মুঠ ৭ টা গৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ সপ্তাহিক বজাৰত বিক্ৰী কৰাৰ বাবে যন্ত্ৰচালিত নাওঁদি নদীপথেৰে গৈ থকা অৱস্থাত ছুৰুত জামান বাহিনীয়ে গৰু কেইটা কাঢ়ি নিয়াৰ অভিযোগ তুলিছে গো-পালক তিনিজনে। ঘটনাক লৈ হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষী ঘটনাৰ তদন্ত কৰি দক্ষিণ শালমাৰা থানাত গোচৰটো পঞ্জীয়ন কৰে। দক্ষিণ শালমাৰা আৰক্ষী ছুৰুত জামানক কৰায়ত্ব কৰি আজি গ্ৰেপ্তাৰৰ পাচত আদালতত হাজিৰ কৰাৰ পাচত আদালতে জেললৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments