Friday, October 18, 2024
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ত ১০ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ।

মেঘালয়ত ১০ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ।

ডিজিটেল ডেক্স, মেঘালয়ঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ জিকজাক আৰক্ষী চকী এলেকাৰ অধীনস্থ আমপাতী-ডালু ৰাস্তাত বিএছএফ আৰু আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাই এখন অটো ৰিক্সাৰ পৰা ১০জনকৈ অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, মেঘালয়-বাংলাদেশ সীমান্তয়েদি অবৈধ ভাৱে ১০ জনকৈ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰি বাংলাদেশী ভূৱা আধাৰকাৰ্ড প্ৰস্তুত কৰাৰ পাচত ডালুৰ পৰা আমপাতীহৈ অসমলৈ আহি থকা বুলি মেঘালয়-বাংলাদেশৰ আন এটা সীমান্তত নিয়োজিত ৫০ নং বেটেলিয়ান বিএছএফে খবৰ লাভ কৰে। তৎক্ষণাত ৫০ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে আমপাতী এলেকাত থকা ১০০ নং বেটেলিয়ান বিএছএফক অৱগত কৰে। ফলত ১০০ নং বেটেলিয়ান বিএছএফৰ দলটো মেঘালয়ৰ জিকজাক আৰক্ষীৰ সৈতে ডালু-আমপাতী ৰাস্তাত এখন নাকা বহুৱাই ৰাস্তাৰে চলাচল কৰা বাহনত তালাচী কৰে। অটো ৰিক্সা এখনৰ পৰা ১০ জনকৈ বাংলাদেশী নাগৰকিক একেলগে আৰক্ষী-বিএছএফে কৰায়ত্ব কৰি জিকজাক আৰক্ষী চকীত নি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰে। শুক্ৰবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিক কেইজনক কালিয়ে আমপাতী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল। আৰক্ষীয়ে বিষয়টো অধিক তদন্তৰ বাবে আদালতৰ পৰা বাংলাদেশী কেইজনক নিজৰ জিম্মাত বিচৰাত আদালতে ইতিমধ্যে তেওঁলোকক আৰক্ষীৰ জিম্মাত দিছে। বাংলাদেশী নাগৰিক কেইজন কোন সীমান্তয়েদি কিদৰে ভাৰতত প্ৰৱেশ কৰি কাৰ পৰা ভূৱা আধাৰকাৰ্ড প্ৰস্তুত কৰিলে তাক লৈ জেৰা অব্যাহত ৰাখিছে।

লক্ষণীয় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত হাচিনা চৰকাৰৰ পতনৰ পাচৰে পৰা বিগত কিছুদিন ধৰি দেশ এৰি ভাৰতলৈ অবৈধ ভাৱে প্ৰৱেশ কৰাৰ দৰে কেবাটাও ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসম, মেঘালয়ৰ তথা চুবুৰীয়া পশ্চিম বঙ্গৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি বিগত কিছুদিনৰ ভিতৰত বহু কেইজন বাংলাদেশী আৰক্ষী-বিএছএফৰ জালত পৰিছে। অসম-বাংলাদেশ সীমান্তয়েদি ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা বহু কেইগৰাকী বাংলাদেশী নাগৰকিক বিএছএফৰ সহযোগত বিজিবিৰে ফ্লে’গ মিটিং কৰি স্বদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। কিন্তু মেঘালয় আৰক্ষীয়ে এনে অবৈধ বাংলাদেশী নাগৰকিক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত চলাই থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments