Saturday, October 26, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত যৌতুক নাপাই পত্নীক হত্যা ! ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

মানকাচৰত যৌতুক নাপাই পত্নীক হত্যা ! ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ- যৌতুক বিচাৰি পত্নীক হত্যা কৰা স্বামীৰ বিৰুদ্ধে হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতে আজি ৭ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। উল্লেখযোগ্য যে, যোৱা ২০১৫ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে নিশাৰ ভাগত আৰ্জিনা খাতুন নামৰ মহিলা গৰাকীৰ মৃতদেহ স্বামীগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল। ঘটনাক লৈ ভূক্তভূগী আৰ্জিনাৰ পৰিয়ালৰ লোকে কালাপানী আৰক্ষী চকীত ৮ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোটৰটো পঞ্জীয়ন কৰি ৮ জনক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তদন্তৰ ভিত্তিত আদালতে ইতিমধ্যে ৭ অভিযুক্তক গোচৰৰ পৰা দোষমুক্ত কৰিলেও মূল অভিযুক্ত স্বামী জয়নাল আবেদনক আজি আদালতে দোষী সাব্যস্ত কৰে। কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ তেলঢালা গাঁৱৰ নাগৰ আলীৰ পুত্ৰ জয়নাল আবেদন বিবাহৰ পাচৰে পৰা পত্নী আৰ্জিনা খাতুনৰ ওচৰত ১ লাখ টকা যৌতুক বিচাৰি শাৰীৰিক ভাৱে অত্যাচাৰ চলাই আহিছিল। যৌতুক আদায় দিব নোৱাৰাৰ বাবে স্বামীয়ে হত্যা কৰি ঘৰৰ ভিতৰতে চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল। ভূক্ত আৰক্ষীয়ে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাচত মানকাচৰ থানাত ৭৩/১৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছিল। সুদীৰ্ঘ ৯ বছৰ ধৰি চলি থকা বিচাৰ প্ৰক্ৰিয়াটোৰ আজি অৱসান ঘটে। হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ লোক অধিবক্তা বিশ্বজিৎ মহন্তৰ তথ্য আৰু যুক্তিৰ ভিত্তিত ন্যায়াধীশ সঞ্জয় হাজৰিকাই জয়নাল আবেদিনক দোষী বুলি গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। জয়নালক ৭ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰা হৈছে।

লক্ষণীয় যে, হত্যাৰ পূৰ্বে বিবাহৰ পাচৰে পৰা যৌতুকি বিচাৰি পত্নীক অত্যাচাৰ চলাইছিল হত্যাকাৰী স্বামী জয়নাল আবেদিন। শাৰীৰিক ভাৱে প্ৰহাৰ কৰি পত্নীক স্বামী গৃহৰ পৰা খেদাই দিয়া ঘটনাক লৈ পূৰ্বেও কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু একাংশ গাঁওবাসীয়ে গোচৰটো মিমাংসা কৰি দ্বিতীয়বাৰৰ বাবে পত্নী আৰ্জিনাক স্বামী গৃহত আশ্ৰয় দিয়াৰ কিছুদিন পাচত স্বামীয়ে পুনৰ যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ লগতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments