Friday, September 13, 2024
Google search engine
গৃহক্ৰীড়ামেঘালয়ৰ বলদামগ্ৰীত এমএলএ (MLA) কাপ ফুটবল প্ৰতিযোগিতা

মেঘালয়ৰ বলদামগ্ৰীত এমএলএ (MLA) কাপ ফুটবল প্ৰতিযোগিতা

ডিজিটেল ডেক্স, মেঘালয়ঃ- চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত দ্বিতীয় বাৰৰ বাবে আৰম্ভ হৈছে এম এল এ কাপ ফুটবল প্ৰতিযোগিতা । ৰাজ্যখনৰ ৫৪ নং মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাৰ ভিতৰত থকা ক্লাৱ সমূহৰ মাজত এই এম এল এ কাপ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব। বিধায়ক সঞ্জয় এ চাংমাৰ নেতৃত্বত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্ত বিধাসভা ভিত্তিত ফুটবল প্ৰতিযোগিতা খন আজি বাজেংডোবাৰ বিধায়ক পঙ্গসেং আৰ মাৰাক আনুষ্ঠিনক ভাৱে শুভাৰাম্ভ কৰে৷ প্ৰতিযোগিতাখনত বিধানসভা সমষ্টিটোৰ মুঠ ৩২ টা ফুটবল ক্লাৱ দলে অংশগ্ৰহন কৰিছে। ড্ৰাগছ, মাধক দ্ৰব্য সেৱনৰ লগতে বিভিন্ন অপৰাধৰ পৰা নৱ প্ৰযন্ম আৰু যুৱক-যুৱতীক আঁতৰত ৰাখি খেল-ধেমালীৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহেন্দ্ৰগঞ্জৰ বিধায়ক সঞ্জয় এ চাংমাই যোৱা বছৰৰ পৰা আন্ত বিধানসভা ভিত্তিক এম এল এ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে। প্ৰতিযোগিতাখনৰ জৰিয়তে বাছনি কৰা খেলুৱৈ সকলক শ্বিলংৰ লাইজং ক্লাৱৰ অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি বিধায়ক সঞ্জয় এ চাংমাই জানিবলৈ গিছে। মেঘালয়ৰ বিধায়ক গৰাকীৰ এই প্ৰসংশনীয় পদক্ষেপে ৰাজ্যখনৰ জনতা আৰু সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments