Friday, October 18, 2024
Google search engine
গৃহদেশ-বিদেশহাটশিঙিমাৰীত বাংলাদেশী যুৱকক ৫ বছৰৰ কাৰাদণ্ড

হাটশিঙিমাৰীত বাংলাদেশী যুৱকক ৫ বছৰৰ কাৰাদণ্ড

দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ।।

অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী যুৱকক ১০ হেজাৰ টকা জৰিমনা সহ ৫ বছৰৰ কাৰাদণ্ড

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতে আজি অবৈধ বাংলাদেশী যুৱক এজনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ওৱাকিমূল ইছলাম লিমন নামৰ ২৪ বছৰীয়া অবৈধ বাংলাদেশী যুৱকজন যোৱা ২০২৩ চনৰ ৪ জুলাই তাৰিখে সুখচৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল। আৰক্ষীয়ে সুখচৰৰ বেপাৰীপাৰাত থকা একমাত্ৰ আৰ চি চি দলঙৰ কাষৰ পৰা ঘুৰা-ফুৰা অৱস্থা কৰায়ত্ব কৰি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰিছিল। সুখচৰ আৰক্ষীয়ে কেবাটাও ধাৰাৰ অধীনত ১৭১/২০২৩ নম্বৰত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে বাংলাদেশী যুৱক জনক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ প্ৰায় ১০ মাহ পূৰ্বে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতত প্ৰায় ১০ মাহ আশ্ৰয় লৈ দিল্লী, বাংগালুৰু, কৰ্নাটোকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ একাংশ কোম্পানীত অবৈধ ভাৱে প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু অবৈধ ভাৰতীয় প্ৰমাণপত্ৰৰে কাম কৰাৰ পাচত ঘৰলৈ উভতাৰ পথত সুখচৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

প্ৰায় ১৪ মাহ ধৰি ধুবুৰী কাৰাগাৰত কাৰাবন্দি হৈ থকা বাংলাদেশী যুৱক জনৰ বিৰুদ্ধে আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা সত্ৰ ও ন্যায়াধীশ আদালতে ১০ হাজাৰ টকাৰ জৰিমনা প্ৰদান কৰাৰ লগতে ৫ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰিছে। জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাই লোক অধিবক্তা বিশ্বজিৎ মহন্তৰ তথ্য আৰু প্ৰমাণৰ ভিত্তিত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। ১০ হাজাৰ টকাৰ জৰিমনা আদায় দিব নোৱাৰিলে বাংলাদেশী যুৱক জনে অতিৰিক্ত ভাৱে আৰু ৬ মাহ কাৰাবাস ঘাটিব লাগিব। বাংলাদেশী যুৱক জনক বাংলাদেশৰ দিনাজপুৰ জিলাৰ বিৰল থানা এলেকাৰ অধীনস্থ টেগাৰা সোনাৰপাৰ গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ মোঃ ওৱাকিমুল ইছলাম লিমন বুলি লোক অধিবক্তা বিশ্বজিৎ মহন্তই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments