Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন

হাটশিঙিমাৰীত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ “বিশ্ব স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰা” বাৰ্তাৰে বুধবাৰে সমগ্ৰ বিশ্বজুৰি পালিত হৈছে “বিশ্ব ফাৰ্মাচিষ্ট দিৱস”। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সকলে কালি দিনজোৰা  বিভিন্ন কাৰ্যসূচীৰ মাজেৰে “বিশ্ব ফাৰ্মাচিষ্ট দিৱস-২০২৪” উদযাপন কৰে।

উল্লেখযোগ্য যে, জিলা খনৰ পঞ্জীয়ভূক্ত ফাৰ্মাচীষ্ট সকলে কেক কাটি ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্য্যসূচী আৰম্ভ কৰে। ইয়াৰ পাছত হাটছিঙিমাৰী জিলা চিকিৎসালয়ত গছপুলি ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে চিকিৎসালয় খনৰ অৰ্ধ শতাধিক ৰোগীৰ মাজত ফলমূল বিতৰণ কৰে। ফাৰ্মাচিষ্ট দিৱস উপলক্ষে হাটশিঙিমাৰী ব্লু বাৰ্ড একাডেমীত  এক আলোচনা সভাও অনুষ্ঠিত কৰা হয়। জিলা খনত ফাৰ্মাচিষ্ট দিৱস উদযাপন কাৰ্যসূচী সমূহত জিলা ড্ৰাগছ ইনেছপেক্টৰ ফ্ৰেঞ্চিচ এম ডাৰনেই মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments