Friday, October 18, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত বাউসকাটা ৱাকফৰ ৪ হেজাৰ বিঘা ভূমি অন্তৰ্ধান । তদন্তৰ দাবীত...

দক্ষিণ শালমাৰাত বাউসকাটা ৱাকফৰ ৪ হেজাৰ বিঘা ভূমি অন্তৰ্ধান । তদন্তৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ দলৰ লিখিত অভিযোগ ।

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বাউসকাটা ৱাকফৰ অধীনত থকা প্ৰায় ৫ হেজাৰ বিঘা ভূমিৰ ভিতৰত ৩৯৭৫ বিঘা ভূমি চৰকাৰে দুটাকৈ নোটিফিকেছনৰ জৰিয়তে অধিগ্ৰহন কৰাৰ পাচত ভূমিখিনি অন্তৰ্ধান হোৱা বুলি ৰাইজৰ দলৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানে অভিযোগ আনিছে। 

উল্লেখযোগ্য যে ৰাইজৰ দলৰ মুখপাত্ৰ ৰহমানে দিয়া তথ্য মতে, প্ৰায় ৫ হেজাৰ বিঘা ভূমিক লৈ ১৯৪৪ চনত দক্ষিণ শালমাৰাৰ বাউসকাটা ৱাকফ ESTATE পঞ্জীয়ন কৰা হৈছিল। ওৱাফৰ নামত থকা ৫ হেজাৰ বিঘা ভূমিৰ পৰা ৩৯৭৫ বিঘা ভূমি ১৯৫৮ চনতে চৰকাৰে দুটাকৈ নোটিফিকেছনৰ জৰিয়তে অধিগ্ৰহন কৰিছে। দীৰ্ঘদিনে গোপনে থকা বিষয়টো শেহতীয়াকৈ অধিবক্তা আনিচুৰে এক আৰটিআই যোগে তথ্য খিনি পোহৰলৈ আনিছে। কিন্তু চৰকাৰে অধিগ্ৰহন কৰা ভূমিখিনি কি কামত ব্যৱহাৰ কৰা হৈছে তাৰ কোনো তথ্য ৰহমানে ৱাকফৰ পৰা তথ্য লাভ কৰা নাই। ফলত ভূমিখিনি অন্তৰ্ধান হৈছে বুলি ৰহমানে অভিযোগ আনিছে। ৰহমানৰ মতে, নিয়ম অনুসৰি ৱাকফ ESTATE ৰ ভূমি কোনো লোকক কোনেও আৱণ্টন বা পাট্টা দিব নোৱাৰে। তদুপৰি চৰকাৰেও ভূমিখিনি অধিগ্ৰহন কৰিব নোৱাৰে। খহনীয়াত গৃহহীন হোৱা পৰিয়াল বা ভূমিহীন লোকক আশ্ৰয় দিয়াৰ বাবেহে ৱাকফ ESTATE ৰ ভূমি ব্যৱহাৰ কৰিব পাৰে। ভূমিহীন বা খহনীয়াগ্ৰস্থ দৰিদ্ৰ লোকক ৱাকফ ESTATE ৰ ভূমিত আশ্ৰয় দিয়াৰ পাচত বোৰ্ডৰ নামত কৰ সংগ্ৰহ কৰা হয় বুলি অধিবক্তা আনিছুৰে জানিবলৈ দিছে। কিন্তু উক্ত প্ৰায় ৪ হেজাৰ বিঘা ভূমি চৰকাৰে অধিগ্ৰহন কৰাৰ পাচৰে পৰা ভূমিখিনি সম্পূৰ্ণৰূপে অন্তৰ্ধান হৈ থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হোৱাত জিলাখনত দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰী ভাৱে অধিগ্ৰহন কৰা ভূমিখিনি কোনোবা দালালচক্ৰই বিক্ৰী কৰিলে নেকি তাক লৈ অধিবক্তা আনিছুৰে প্ৰশ্ন উত্থাপন কৰিছে। বিষয়টো তদন্তৰ বাবে সোমবাৰে অধিবক্তা আনিছুৰ ৰহমান দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্তৰ কাষ চাপি ইতিমধ্যে এখন লিখিত অভিযোগ দাখিল কৰিছে।

মন কৰিবলগীয়া বিষয় এয়া যে, যি সময়ত দক্ষিণ শালমাৰাৰ বহু লোক গৰাখহনীয়াৰ কবলত পৰি ভূমিহীন হৈ পৰিছে, সেই লোক সকলক এতিয়ালৈকে চৰকাৰে ভূমিৰ ব্যৱস্থা কৰিব পৰা নাই। ভূমিৰ অভাৱত দক্ষিণ শালমাৰাত চৰকাৰে চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰিব পৰা নাই। তেনে সময়তে ৱাকফ বৰ্ডৰ প্ৰায় ৪ হেজাৰ বিঘা ভূমি অন্তৰ্ধান হোৱা ঘটনাই সচেতন মহলত প্ৰশ্নৰ উদয় কৰিছে। জিলা প্ৰশাসন আৰু চৰকাৰে অধিগ্ৰহন কৰা ৪ হেজাৰ বিঘা ভূমি উদ্ধাৰ কৰি ভূমিহীন লোকক আশ্ৰয় দিয়াৰ দাবী জনাইছে অধিবক্তা আনিছুৰ ৰহমানে। ইফালে বৰ্তমান বাউসকাটা ৱাকফ বৰ্ডৰ নামত থকা প্ৰায় ১ হেজাৰ বিঘা মাটিক লৈও খেলিমেলি হৈ আছে। এই ভূমিখিনি ক’ত কিদৰে আছে সেয়া চৰকাৰে উদ্ধাৰ কৰিব লাগে বুলি ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments