Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত সূলভ মূল্যৰ আটাৰ বৃহৎ কেলেংকাৰী। ৰাইজৰ দলৰ এজাহাৰ দাখিল

মানকাচৰত সূলভ মূল্যৰ আটাৰ বৃহৎ কেলেংকাৰী। ৰাইজৰ দলৰ এজাহাৰ দাখিল

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সূলভ মূল্যৰ আটাক লৈ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভাৰ অধিবেশনত ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আটা বিতৰণক লৈ দাখিল কৰা তথ্য মতে, বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ আওতাত ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলক সূলভ মূল্যৰ দোকানৰ যোগেদি প্ৰতিমাহে চাউল, আটা, কেৰাচিন তেল আৰু নিমখ বিতৰণ কৰি থকা হৈছে। ৰাজ্যৰ মুঠ ১৭ খন জিলা আৰু ৭ খনকৈ মহকুমাত বিভাগীয় ভাৱে আটা, চাউল, কেৰাচিন তেল আৰু নিমখ বিতৰণ কৰা হয় বুলি মন্ত্ৰী গৰাকীয়ে তথ্য দাখিল কৰে। দক্ষিণ শালমাৰা মহকুমাতো আটা বিতৰণ কৰি থকা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে বিধানসভাৰ অধিবেশনত  তথ্য সদৰি কৰিছে। এই তথ্যৰ পাচতেই জিলাখনৰ ৰেচন কাৰ্ড হিতাধিকাৰী সকল জাঙুৰ খাই উঠিছে। প্ৰাপ্ত অভিযোগ মতে, বিগত প্ৰায় ৭-৮ বছৰে জিলাখনৰ প্ৰায় ৯০ সহস্ৰাধিক ৰেচন কাৰ্ড হিতাধিকাৰীয়ে এক কেজিও আটা লাভ কৰা নাই। অথচ মন্ত্ৰী গৰাকীয়ে কিহৰ ভিত্তিত জিলাখনত আটা বিতৰণ কৰি থকা বুলি তথ্য সদৰি কৰিলে তাক লৈ ভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।

    বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি ৰাইজৰ দলৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমান হাটশিঙিমাৰীস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপি আটা কেলেংকাৰীৰ তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰিছে। ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে দাখিল কৰা এজাহাৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ জিলা সহকাৰী সঞ্চালক, যোগান বিভাগৰ আটা যোগান ধৰা ঠিকাদাৰ আৰু আটা মিল মালিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বিষয়টোক লৈ ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকে তদন্ত আৰম্ভ কৰিছে।

    লক্ষণীয় যে, বিগত ৫-৬ বছৰে জিলাখনত প্ৰায় ১৪ হেজাৰ কুইণ্টল আটা কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। কোটি কোটি টকাৰ এই আটা কেলেংকাৰীত কোন কোন চৰকাৰী বিষয়া আৰু মিলৰ মালিকৰ লগতে আটা যোগানকাৰী ঠিকাদাৰ জৰিত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব । কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো এয়া যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক মানকাচৰ জিলাখনৰ পৰা কোনে আটা যোগান ধৰাৰ তথ্য সদৰি কৰিলে সেয়া অতিকৈ ৰহস্যজনক।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments