Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত শতাধিক কৃষকক ৰবিশস্যৰ বাবে কীটনাশক দ্ৰব্য, বীজ...

হাটশিঙিমাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত শতাধিক কৃষকক ৰবিশস্যৰ বাবে কীটনাশক দ্ৰব্য, বীজ আৰু সাৰ বিতৰণ

ডিজেটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰৰ হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অলপতে শতাধিক কৃষকক ৰবিশস্যৰ খেতি কৰাৰ বাবে বিভিন্ন ধৰণৰ কীটনাশত দ্ৰব্য, বীজ আৰু সাৰ বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে, জিলা বিজেপিৰ উপ-সভাপতি মনিৰুজ্জামান মনিৰ নেতৃত্বত অলপতে পুৱাৰ ভাগত শিঙিমাৰী কৃষি চক্ৰৰ অধীনস্থ বিভিন্ন এলেকাৰ পৰা শতাধিক কৃষক জিলা কাৰ্যালয়ত উপস্থিত হয়। এই কৃষক সকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি দাবী কৰাত কৃষি বিভাগৰ পৰা তৎকালীন ভাৱে তেওঁলোকৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত কৃষক সকলৰ তালিকা প্ৰস্তুত কৰি ৰবিশস্যৰ বাবে বিভিন্ন কীটনাশক দ্ৰব্য, বীজ আৰু সাৰ বিতৰণ কৰা হয়। কৃষি বিভাগৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী কৃষি বিষয়া নেকিবুৰ জামানে কৃষক সকলক সামগ্ৰী সমূহ বিতৰণ কৰাৰ উপৰিও সাৰ আৰু কীটনাশক দ্ৰব্য খেতিত ব্যৱসাৰৰ নীতি নিয়ম কৃষক সকলক অৱগত কৰে। লক্ষণীয় যে, এই সকল কৃষক কোনোদিনে চৰকাৰী আঁচনি লাভ কৰা নাছিল। এটা চক্ৰই এনে কৃষকক বঞ্চিত কৰা আহি অধিকাংশ ভূৱা কৃষকৰ মাজত বীজ তথা চৰকাৰী সা-সামগ্ৰী সমূহ বিতৰণ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments