Friday, October 18, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ ৫ চৰকাৰী কাৰ্যালয় একত্ৰিকৰণ হ’ব ধুবুৰী-মানকাচৰত ! ৰাইজৰ দলৰ সংবাদমেল।

দক্ষিণ শালমাৰাৰ ৫ চৰকাৰী কাৰ্যালয় একত্ৰিকৰণ হ’ব ধুবুৰী-মানকাচৰত ! ৰাইজৰ দলৰ সংবাদমেল।

ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ ৫খনকৈ চৰকাৰী কাৰ্যালয় ধুবুৰী আৰু মানকাচৰৰ কাৰ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহন কৰাক লৈ ৰাইজৰ দলে এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰ তথা স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে।

    উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা ৰাইজৰ দলৰ উদ্যোগত দলৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমান যোৱা ২৫ ছেপ্টেম্বৰৰ দিনা দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিলগত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত মুখপাত্ৰ আনিছুৰ ৰহমান কয়- চৰকাৰে দক্ষিণ শালমাৰাৰ পৰা ৫ খনকৈ চৰকাৰী অনুষ্ঠান (কাৰ্যালয়) ধুবুৰী আৰু মানকাচৰৰ কাৰ্যালয়ৰ সৈতে একত্ৰিত কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিশেষকৈ অতিকৈ পিচপৰা এলেকাত থকা দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু এ এছ অ’ বিষয়াৰ কাৰ্যালয় দুখন ক্ৰমে প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা মানকাচৰ ৰাজহ চক্ৰ বিষয়া আৰু মানকাচৰ এ এছ অ’ বিষয়াৰ কাৰ্যালয়ৰ সৈতে একত্ৰিত কৰা হ’ব বুলি অধিবক্তা আনিছুৰ ৰহমানে অভিযোগ তুলিছে। একেদৰে বৰ্তমানে ফকিৰগঞ্জ এলেকাত থকা দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়খন প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা জামাদাৰহাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় অথবা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰত থকা মানকাচৰৰ ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰা হ’ব। আনহাতে দক্ষিণ শালমাৰা শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয় আৰু দক্ষিণ শালমাৰাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাৰ্যালয় দুখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে প্ৰায় ৩০ কিলোমিটাৰ নিলগত ধুবুৰীত একত্ৰিতকৰণ কৰা হ’ব। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক সংবাদমেলত এখন সমষ্টিত এখন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, এ এছ ও বিষয়াৰ কাৰ্যালয়, খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়, উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়কে ধৰি বিভিন্ন কাৰ্যালয় এখনকৈহে থাকিব বুলি দাবী কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই দাবী কৰাৰ পাচতেই দক্ষিণ শালমাৰাবাসী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশেষকৈ ৫বাৰকৈ দক্ষিণ শালমাৰাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ওৱাজেদ আলী চৌধুৰীৰৰ অকৰ্মনতাৰ বাবে দক্ষিণ শালমাৰা এলেকাখন সমষ্টি পুনঃৰ নিৰ্ধাৰণৰ সময়ত মানকাচৰ সমষ্টিৰ সৈতে একত্ৰিত হোৱাৰ বিপৰীতে দক্ষিণ শালমাৰা সমষ্টিখন ইতিহাস হৈ পৰিছে। বৰ্তমান দক্ষিণ শালমাৰা সমষ্টিখন বিলুপ্ত কৰি নতুনকৈ জৰুৱা-বন্দিহানা সমষ্টি কৰা হৈছে। এই সমষ্টি পুনৰ নিৰ্ধাৰনৰ পাচতেই দক্ষিণ শালমাৰাৰ বৃহত এলেকা মানকাচৰ সমষ্টিৰ সৈতে একত্ৰিকৰণ হোৱাত দক্ষিণ শালমাৰাৰ বিভিন্ন চৰকাৰী কাৰ্যালয় ধুবুৰী আৰু মানকাচৰৰ কাৰ্যালয়ৰ সৈতে একত্ৰিতকৰণ হোৱাৰ আংশকাত ভূগিছে দক্ষিণ শালমাৰাবাসী।

    বিষয়টোক লৈ ইতিমধ্যে ছাত্ৰ সন্থা, স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে কেবাটাও আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি দক্ষিণ শালমাৰাৰ কাৰ্যালয় সমূহ দক্ষিণ শালমাৰাতে বাহাল ৰাখিবলৈ দাবী জনাইছে। ইফালে একেটা বিষয় লৈ ৰাইজৰ দলৰ জিলা সমিতিৰ উদ্ধোগত ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা সংবাদমেলত মুখপাত্ৰ আনিছুৰ ৰহমান বিধায়ক গৰাকীৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- দক্ষিণ শালমাৰাৰ পৰা যদি কাৰ্যালয় সমূহ ধুবুৰী আৰু মানকাচৰত একত্ৰিতকৰণ কৰা হয় তেন্তে যাতায়তৰ ব্যৱস্থা নথকা দক্ষিণ শালমাৰাবাসী বিভিন্ন চৰকাৰী কাম কাজৰ ক্ষেত্ৰত আদিম যুগৰ দৰে জীয়াতু ভূগিবলগীয়া হ’ব। সামান্য কাম এটাৰ বাবে ধুবুৰী অথবা ৬০ কিলোমিটাৰ দুৰত থকা কাৰ্যালয়ত গৈ হাৰাশাস্তিৰ সম্মুখীন হব লাগিব বুলিও আনিছুৰ ৰহমানে অভিযোগ আনিছে।

    ইফালে অসমত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ হোৱাৰ পাচত তদানীন্তন মুখ্যমন্ত্ৰীজনে শপদ গ্ৰহনৰ পাচতেই প্ৰথম বাৰৰ বাবে মানকাচৰ পৰিদৰ্শন কৰি মানকাচৰৰ পৰা অসমৰ প্ৰতিটো প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী থকা কালত ৫ বছৰে এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। একেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও পূৰ্বৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিশ্ৰুতিৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

    মানকাচৰৰ পৰা সুখচৰ, হাজিৰহাট, পাটাকাটা, দক্ষিণ শালমাৰা, বালাডোবা, শালকাটা, ফকিৰগঞ্জ, আইৰকাটা, জলেশ্বৰ, লক্ষীপুৰ, গোৱালপাৰা হৈ গুৱাহাটীলৈ কেৱল অসমৰ ভূমিৰে এখন সুকীয়া ঘাইপথ নিৰ্মাণৰ বাবে জিলাবাসী দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে। মানকাচৰৰ পৰা অসমৰ ভূমিৰে গুৱাহাটীলৈ সুকীয়া কোনো ৰাস্তা নথকাৰ ফলত মানকাচৰজিলাবীস মেঘালয়ৰ ৰাস্তাৰে গুৱাহাটী-দিছপুৰলৈ আহ-যাহ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত চৰকাৰে অসমৰ ভূমিৰে মানকাচৰৰ পৰা দিছপুৰলৈ অহা-যোৱা কৰাৰ বাবে সুকীয়াকৈ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ কৰিলেহে দক্ষিণ শালমাৰাবাসী মানকাচৰৰ কাৰ্যালয়ত অহা-যোৱা কৰাত সুবিধা হ’ব। বৰ্তমানে দক্ষিণ শালমাৰাৰ পৰাও প্ৰায় ৫০ সহস্ৰাধিক লোক মেঘালয়ৰ ৰাস্তাৰে মানকাচৰলৈ যাতায়ত কৰিবলগীয়া হয়।

    চৰকাৰে কাৰ্যালয় একত্ৰিকৰণ কৰাৰ পূৰ্বে অসমৰ ভূমিৰে অসমত যাতায়াতৰ বাবে ৰাস্তা নিৰ্মাণ কৰিব লাগে বুলিও ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহামানে দাবী তুলিছে।

    চৰকাৰে ৰাস্তা নিৰ্মাণ কৰিব নোৱাৰিলে কাৰ্যালয় একত্ৰিকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰক বুলি আনিছুৰ ৰহমানে দাবী কৰি কয় যে, সিদ্ধান্ত বাতিল নহ’লে প্ৰয়োজনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ সংগঠনৰ সৈতে একত্ৰিত ভাৱে ৰাইজৰ দলে জংগী আন্দোলন গঢ়ি তুলিব। মুখপাত্ৰ আনিছুৰ ৰহমানৰ এই দাবীৰ প্ৰতি চৰকাৰে কিদৰে পদক্ষেপ গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments