Monday, September 16, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰাম্ভ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰাম্ভ

ডিজিটেল সেবা, মানকাচৰঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৃহস্পতিবাৰে বিয়লি ৫ বজাত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ জিলাভিত্তিক শুভাৰাম্ভ কৰা হৈছে। মানকাচৰ চহৰৰ মাজমজিয়াত থকা আজিজ মেমৰিয়েল লাইব্ৰেৰীত অনুষ্ঠিত হোৱা পোষণ মাহ শুভাৰাম্ভ অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়া, জিলা সমাজকল্যাণ বিষয়া ইন্দ্ৰজিত দাস, জিলা উপ আৰক্ষী অধীক্ষক আঞ্চল শৰ্মা, মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা, মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা চিকিৎসা বিষয়া ছাদ্ৰুল হক খন্দকাৰ সহ সমাজকল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে। অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী সকলৰ দ্বাৰা পৰিবেশিত শুভাৰাম্ভ গীতৰ জৰিয়তে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাচত গৰ্ভৱতী মাতৃ আৰু শিশু সকলৰ পুষ্টিকৰ খাদ্যৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰা হয়। আনহাতে গৰ্ভৱতী মহিলা সকলৰ মাজত ৰক্তহীনতা পৰীক্ষা কৰি পুষ্টিকৰ খাদ্য মেলাৰ আয়োজন কৰি প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে জিলাখনৰ ৫টি শিশুক ‘’সু-স্বাস্থ্য শিশু’’ বঁটা প্ৰদান কৰাৰ লগতে এগৰাকী কিশোৰী আৰু দুগৰাকী গৰ্ভৱতী মহিলাক সমাজ কল্যাণ বিভাগৰ পৰা ‘’হিমোগ্লোবিন কুইন’’ বঁটা প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অন্তত সন্ধিয়া প্ৰায় ৬ বজাত অংগনাবাড়ী কেন্দ্ৰৰ মুখ্য সেৱিকা, কৰ্মী আৰু সহায়িকা সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ এক শোভাযাত্ৰা উলিয়াই শিশু আৰু গৰ্ভৱতী মহিলা সকলে গ্ৰহন কৰিবলগীয়া পুষ্টিকৰ আহাৰৰ ওপৰত সজাগতাৰ প্ৰয়াস চলায়। দেশৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো এই মাহটো পোষণ মাহ হিচাপে প্ৰতিখন গাঁওৰ প্ৰতিখন অংগনাবাড়ী কেন্দ্ৰত বিভিন্ন কাৰ্যসূচী হাতত লৈ শিশু মাতৃৰ পুষ্টিকৰ খাদ্যৰ ওপৰত সজাগতামূলক গ্ৰহন কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments