Monday, September 16, 2024
Google search engine
গৃহস্থানীয়অসম কলেজ শিক্ষক সন্থাৰ শিক্ষক দিৱস বৰ্জন । ক’লাবেজ পৰিধান কৰি কৰ্মবিৰতি-প্ৰতিবাদ...

অসম কলেজ শিক্ষক সন্থাৰ শিক্ষক দিৱস বৰ্জন । ক’লাবেজ পৰিধান কৰি কৰ্মবিৰতি-প্ৰতিবাদ । আসোঁৱাহযুক্ত কলেজশিক্ষক পদোন্নতিৰ সংশোধনৰ দাবী

    ডিজিটেল সেৱা, হাটশিঙিমাৰী, মানকাচৰ, দক্ষিণ শালমাৰাঃ আজি শিক্ষক দিৱসৰ দিনা দক্ষিণ শালমাৰা, মানকাচৰ আৰু হাটশিঙিমাৰী কলেজ শিক্ষক সন্থাৰ গোটে পুৱাৰে পৰা ক’লাবেজ পৰিধান কৰি কৰ্মবিৰতিৰে শিক্ষক দিৱস বৰ্জন কৰি আসোঁৱাহযুক্ত কলেজ শিক্ষকৰ পদোন্নতিৰ নীতি সংশোধনৰ দাবী জনায়।

    উল্লেখযোগ্য যে, অসম কলেজ শিক্ষক সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি কলেজ শিক্ষক সন্থাৰ গোট সমূহে শিক্ষক দিৱস বৰ্জনৰ কাৰ্যসূচী ৰূপায়ন কৰে। অসম উচ্চ শিক্ষা সঞ্চালকালয়ে যোৱা ২৯ জানুৱাৰী তাৰিখে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ মুঠ ১৭০৪ গৰাকী কলেজ শিক্ষকৰ পদোন্নতি ঘোষণা কৰিছে। কলেজ শিক্ষক সকলৰ পদোন্নতি চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰাৰ কথা অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনা দিছে। এই নিৰ্দেশনাৰ পাচতেই কলেজ শিক্ষক সন্থাই চৰকাৰৰ শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। কলেজ শিক্ষক সন্থাই তোলা অভিযোগ মতে, পদোন্নতি পাবলগীয়া বহু শিক্ষক সদস্য উক্ত ১৭০৪ জনীয়া তালিকাৰ পৰা বাদ পেলাই অন্যায়ভাৱে তালিকাখন প্ৰকাশ কৰা হৈছে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই সিদ্ধান্তৰ ফলত শিক্ষক সকলৰ মাজত জেষ্ঠ্যতা আৰু কণিষ্ঠতাৰ পাৰ্থক্য নোৱোহা হৈছে। লগতে অদুৰ ভৱিষতে বহু কলেজ শিক্ষক পদোন্নতিৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব। উচ্চ শিক্ষা সঞ্চালকালয়ৰ এই সিদ্ধান্ত বিশ্ব বিদ্যালয় অনুদান আয়োগৰ নীতিৰ পৰিপন্থী বুলিও কলেজ শিক্ষক সন্থাই অভিযোগ আনিছে। ইউজিচিৰ নিয়ম সম্পূৰ্ণৰূপে ভংগ কৰি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে নতুন নিয়ম কৰাত কলেজ শিক্ষক সকলৰ পদোন্নতি অতি জটিল হৈ পৰিব বুলি শিক্ষক দিৱস বৰ্জন কৰা কলেজ শিক্ষক সন্থাই দাবী কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments