Friday, September 13, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত হেৰ’ইন সহ গ্ৰেপ্তাৰ এজন

মানকাচৰত হেৰ’ইন সহ গ্ৰেপ্তাৰ এজন

ডিজিটেল সেৱা, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালোঘাটত নিশা আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলাই হেৰ’ইন সহ এজনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, এক গোপন সুত্ৰৰ ভিত্তিত যোৱা নিশা প্ৰায় ৮.৩০ বজাত প্ৰবেচনত থকা দুগৰাকী উপ আৰক্ষী অধীক্ষক ক্ৰমে আঞ্চল শৰ্মা আৰু নাইম উদ্দীনৰ নেতৃত্বত মানকাচৰ আৰক্ষীৰ দল এটা কালোঘাটত গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। গাঁৱখনৰ আব্দুল কাদেৰ পুত্ৰ ছফিকুল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে ৪৮ টা কণ্টেনাৰভৰ্তি হেৰ’ইন উদ্ধাৰ কৰি ছফিকুলক কৰায়ত্ব কৰে। আৰক্ষীয়ে নিশা জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰি আজি পুৱাৰ ভাগত হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে। ঘটনাৰ অধিক তদন্তৰ বাবে ছফিকুলক আদালতে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে।

ড্ৰাগছ মাফিয়া ছফিকুলে দীৰ্ঘদিনৰ পৰা মানকাচৰৰ বিভিন্ন এলেকাত নৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ বেপাৰ চলাই নিয়াৰ উপৰিও ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তত থকা কাটাতাঁৰৰ বেৰৰ ওপৰেৰে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰে বুলিও অভিযোগ পোৱা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লক্ষণীয় যে, স্বাধীনতা দিৱসৰ কিছুদিন আগৰ পৰা জিলাখনৰ মানকাচৰ, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা আৰু সুখচৰ থানাৰ লগতে খাৰুৱাবান্ধা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কেবাটাও অভিযান চলাই কেবাগৰাকী ড্ৰাগছ ব্যৱসায়ী-সৰবৰাহকাৰীক কৰায়ত্ব কৰি বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিছে। তাৰ পাচতো মানকাচৰত ড্ৰাগছ বেপাৰী সকলে আৰক্ষীক ভয় নকৰি নিজৰ ইচ্ছামতে ড্ৰাগছৰ ৰমৰমীয়া কাৰবাৰ চলাই থকা কাৰ্যটো দূৰ্ভাগ্যজনক হৈ পৰিছে। ড্ৰাগছ মাফিয়া সকল আৰক্ষীক ভয় নকৰা হৈছে নেকি তাক লৈ সচেতন মহলত প্ৰশ্নৰ উদয় হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments