Friday, September 13, 2024
Google search engine
গৃহস্থানীয়আৰোহণ আঁচনিৰ মেন্টৰ-মেন্টিক লৈ হাটশিঙিমাৰীত এদিনীয়া কৰ্মশালা । শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী...

আৰোহণ আঁচনিৰ মেন্টৰ-মেন্টিক লৈ হাটশিঙিমাৰীত এদিনীয়া কৰ্মশালা । শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰিবলৈ জিলা প্ৰশাসনৰে মেণ্টৰ-মেণ্টিৰ মত-বিনিময়

           ডিজিটেল সেৱা, হাটশিঙিমাৰীঃ- চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল সফলতাৰ বাটেৰে আগবাঢ়ি যাবলৈ ২০২২ চনৰ পৰা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আৰম্ভ কৰিছে আৰোহণ আঁচনি । এই আৰোহ আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন চৰকাৰী হাই আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত নৱম, দশম, একাদশ আৰু দ্বাদশত শ্ৰেনীত একোজনকৈ মেধাৱী শিক্ষাৰ্থীক মেণ্টি হিচাপে বাঁচনি কৰা হৈছে। প্ৰতিটো শ্ৰেনীৰ একোজন মেণ্টিৰ বাবে শিক্ষা বিভাগে একো একোজনকৈ মেণ্টৰ নিয়োগ কৰা হৈছে। আৰোহণ আঁচনিৰ জৰিয়তে সম্পূৰ্ণ চৰকাৰী খৰচত বিদ্যালয়খনৰ মেধাৱী শিক্ষাৰ্থী অৰ্থাৎ মেণ্টি জনৰ কেয়িৰাৰক লৈ মেণ্টৰ জনে শিক্ষাৰ পৰা আমম্ভ কৰি সকলো প্ৰকাৰৰ দিহা-পৰামৰ্শ প্ৰদান কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ৭০ জন মেণ্টিৰ বিপৰীতে ৭০ জন মেণ্টৰ নিযুক্তি দিয়া হৈছে। শিক্ষাৰ্থী সকলক শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিবলৈ আজি হাটশিঙিমাৰী প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত মেণ্টৰ আৰু মেণ্টি সকলক লৈ দিনজোৰা কাৰ্যসূচীৰে এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাত মুখ্য মেণ্টৰৰ দায়িত্বত থকা জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, অতিৰিক্ত আয়ুক্ত ৰিপন জ্যোতি নাথ, শ্ৰম বিভাগৰ পৰিদৰ্শক (ইনেছপেক্টৰ) জান্নাতুন ফিৰদৌছ, সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়াদ্বয় ৰাফিউল আলম আহমেদ আৰু আউলাদ হুছেইনৰ লগতে শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। মেণ্টি সকলে কিদৰে অধ্যয়নৰ লগতে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰি নিজৰ সুন্দৰ কেৰিয়াৰ গঠন কৰিব পাৰে তাক লৈ জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত আৰু শ্ৰম বিভাগৰ পৰিদৰ্শক জনে মেণ্টৰ-মেণ্টিৰ সৈতে মত বিনিময় কৰে। একেদৰে মেধাৱী শিক্ষাৰ্থী সকলক হাটশিঙিমাৰী জিলা চিকিৎসালয়, জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় পৰিদৰ্শন কৰোৱাৰ উপৰিও মেণ্টি সকলৰ মাজত বিভিন্ন প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments