Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়বন্দিহানাৰ বয়জেৰ আলগাত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু । আহত এজন

বন্দিহানাৰ বয়জেৰ আলগাত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু । আহত এজন

ডিজিটেল সেৱা, বন্দিহানাঃ- ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকী এলেকাৰ অধীনস্থ বয়জেৰ আলগাত আজি বিয়লি প্ৰায় ৩ বজাত পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰি এজন কৃষক থিতাতে নিহত হোৱাৰ লগতে আন এজন আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

    উল্লেখযোগ্য যে, আন দিনৰ দৰে আজিও দুই কৃষকে পথাৰত কাম কৰি থকা অৱস্থাত বিয়লিৰ ভাগত হঠাত বৰষুণৰ লগতে বজ্ৰপাত পৰি নজৰুল সেখ (২৫) নামৰ কৃষক জন পথাৰতে মৃত্যু মুখত পৰে। তেওঁৰ লগত থকা আনজন কৃষক গুৰুতৰ ভাৱে আহত হোৱাত লগে লগে তেওঁক বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান আহত কৃষকজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। বন্দিহানা আৰক্ষীয়ে ইতিমধ্যে নিহত নজৰুল হকৰ মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments