Saturday, July 27, 2024
Google search engine
গৃহUncategorizedধুবুৰীৰ অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ভোটদান

ধুবুৰীৰ অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ভোটদান

ডিজিটেল সংবদা, মানকাচৰঃ-ধুবুৰীৰ অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলাম আজি দিনৰ প্ৰায় ১১ বজাত পত্নী হাছিনা ইছলামৰ সৈতে ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জাবেদ ইছলাম ভোটগ্ৰহন কেন্দ্ৰত উপস্থিত হোৱাৰ পূৰ্বে মানকাচৰৰ ঐতিহাসিক মিৰজুমালা কবৰস্থানত নিজৰ পিতৃ তথা প্ৰাক্তন মন্ত্ৰী মৰহুম জহিৰুল ইছলামৰ কবৰৰ সম্মুখত হৈ পিতৃৰ বাবে দোৱা-প্ৰাৰ্থনা জনায়। ইয়াৰ পাচত তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জাবেদ ইছলামে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰাৰ লগতে কাৰো লগত প্ৰতিদন্দ্বিতা নহয় বুলি মন্তব্য কৰে। প্ৰতিবাৰ নিৰ্বাচনত তেওঁ পিতৃৰ কবৰত গৈ জিয়াৰত কৰাৰ পাচতহে ভোটদান কৰে। এইবাৰো তেওঁ পিতৃৰ কবৰত জিয়াৰত কৰাৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰে।

লক্ষণীয় যে, বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত প্ৰতিবাৰে ৯০ শতাংশতকৈ অধিক ভোটদান হয়। এইবেলিও জিলা প্ৰশাসনৰ তৎপৰতাত ৯০ শতাংশতকৈ অধিক ভোটদান হ’ব বুলি জাবেদ ইছলামে দাবী কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments