Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত বিয়লি ৩ বজালৈ ভোটদানৰ হাৰ ৭১.০৬ শতাংশ

মানকাচৰত বিয়লি ৩ বজালৈ ভোটদানৰ হাৰ ৭১.০৬ শতাংশ

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ বিধানসভা সমষ্টিত পুৱাৰে পৰা ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান চলি আছে। বিয়লি ৩ বজালৈ সমষ্টিখনত ৭১.০৬ শতাংশ ভোটদান সম্পন্ন হৈছে। জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ২৯৯১৯২ টা । আন আন নিৰ্বাচনত জিলাখনত ৯০-৯৪ শতাংশলৈ ভোটদান হয়। এইবেলিও জিলাখনত ৯০ শতাংশৰ ওপৰত ভোটদান সম্পন্ন হব বুলি জিলা প্ৰশাসনে আশা প্ৰকাশ কৰিছে। লক্ষণীয় যে জিলাখনত ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভিতৰত ৭৪ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত পূৱাৰে পৰা শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি থকা পৰিলক্ষিত হৈছে। কেবাটাও ভোটগ্ৰহন কেন্দ্ৰত ইভিএম বিকল হোৱা বাবে ভোটদান প্ৰক্ৰিয়া দেৰিকৈ আৰম্ভ হৈছে যদিও বৰ্তমানে সূচাৰূৰূপে ভোটদান চলি থকা বুলি জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments