Saturday, July 27, 2024
Google search engine
গৃহক্ৰীড়াহাটশিঙিমাৰী ছুপাৰ লীগৰ ফাইনেলত ভূৰাকাটা-ছেল্লাকান্দি

হাটশিঙিমাৰী ছুপাৰ লীগৰ ফাইনেলত ভূৰাকাটা-ছেল্লাকান্দি

হাটশিঙিমাৰী জিলা ছুপাৰ লীগৰ আজি দ্বিতীয়খন ছেমিফাইনেল খেল শান্তিপুৰ মনিহাৰ ক্লাব আৰু ভূৰাকাটা ছেভেন ব্ৰাদাৰ্ছ দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত ভূৰাকাটা দল শান্তিপুৰ দলক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। অহা ৩০ ডিচেম্বৰত ভূৰাকাটা ছেভেন ব্ৰাদাৰ্ছ আৰু ছেল্লাকান্দি টন গাওঁৰ মাজত চুৰান্ত খেলখন অনুষ্ঠিত কৰা হ’ব। বিগত তিনি বছৰ ধৰি আয়োজন কৰি অহা হাটশিঙিমাৰী ছুপাৰ লীগত এই বেলি মুঠ ৩২ টা দলে অংশগ্ৰহন কৰিছিল। ফাইনেলত জয়লাভ কৰা দলক নগদ ২.০৫ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব। একেদৰে ৰানাৰ্চআপ দলক নগদ ১.০৫ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব। আজি দ্বিতীয় ছেমি ফাইনেল খেলখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহু দৰ্শকৰ সমাগম হৈছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments