Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ দাফাদাৰপাৰাত অগ্নিকাণ্ড । নগদ ধন, নথি-পত্ৰ সহ এটা বাসগৃহ ভস্মীভূত

হাটশিঙিমাৰীৰ দাফাদাৰপাৰাত অগ্নিকাণ্ড । নগদ ধন, নথি-পত্ৰ সহ এটা বাসগৃহ ভস্মীভূত

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ দাফাদাৰপাৰাত আজি এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ নগদ ধন সহ এটা বাসগৃহ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধণ হৈছে।

উল্লেখযোগ্য যে দাফাদাৰপাৰা গাঁৱৰ চেনী বাদশ্বাহ নামৰ লোকজনৰ ঘৰত আজি দূপৰীয়া প্ৰায় ১২ বজাত হঠাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘৰত কোনো নথকা অৱস্থাত ঘৰখনত ৰহস্যজনক ভাৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত ঘৰৰ ভিতৰত জমা কৰি থোৱা নগদ ৫০ হেজাৰ টকা, বিভিন্ন নথি-পত্ৰৰ লগতে এটা টিনপাতৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ৫ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হৈছে। কিছু সময়ৰ ভিতৰতে হাটশিঙিমাৰী অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ঘনবসতি এলেকাখন আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। অগ্নিকাণ্ডৰ কাৰন এতিয়াও জানিব পৰা হোৱা নাই। লক্ষণীয় যে চেনী বাদশ্বাহ নামৰ লোকজন এটা ঘৰতে পৰিয়াল সহ বসবাস কৰি আহিছিল। আজি অগ্নিকাণ্ডৰ ফলত লোকজন গৃহহীন হৈ পৰাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments