Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুঘণ্টীয়া ধৰ্ণা । বিভিন্ন সমস্যা সমাধানৰ দাবী...

হাটশিঙিমাৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দুঘণ্টীয়া ধৰ্ণা । বিভিন্ন সমস্যা সমাধানৰ দাবী উত্তাল প্ৰতিবাদ

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত আজিও দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

    উল্লেখযোগ্য যে ২১ আৰু ২২ ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। কালি হাটশিঙিমাৰীতো জিলা কৰ্মচাৰী সন্থাই দিনৰ ১০ বজাৰ পৰা দূপৰীয়া ১২ বজালৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ পাচত আজি পুনৰ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অৰ্ধ শতাধিক কৰ্মচাৰীয়ে আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ কৰ্মচাৰী সকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সকলো কাম কাজ বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় অধীনৰ কৰ্মচাৰী সকলক সুকীয়া দৰমহা গাথনি প্ৰদান কৰা, জিলা আয়ুক্তৰ কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰাৰ লগতে মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জাৰিকাৰক সকলক ৩ শতাংশ অতিৰিক্ত দৰমহা প্ৰদান কৰা আৰু নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত এইদৰে ৰাজ্যজুৰি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই দুদিনীয়াকৈ ধৰ্ণা কাৰ্যসূচীৰ সফল ৰূপায়ন কৰে। দীৰ্ঘদিনৰে পৰা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই তেওলোকৰ ১৪ দফীয়া দাবী সমাধানৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই সকল কৰ্মচাৰীৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ ফলত বাৰে বাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলগীয়া হৈছে। অহা ২৮ ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ দাবী চৰকাৰে পুৰণ নকৰিলে ২৯ ডিচেম্বৰত এদিনৰ বাবে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই কৰ্মবিৰতি কাৰ্যসূচী হাতত ল’ব বুলি সন্থাৰ ফালৰ পৰা জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments