Sunday, September 8, 2024
Google search engine
গৃহবিনোদনহাটশিঙিমাৰীত সমষ্টি পৰ্য়ায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম

হাটশিঙিমাৰীত সমষ্টি পৰ্য়ায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিধানসভা সমষ্টিৰ বাবে কালিৰ পৰা তিনিদিনীয়াকৈ সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী আৰম্ভ হৈছে।

উল্লেখযোগ্য যে জিলাখনৰ দুখনকৈ সমষ্টিৰ মুঠ ৩৫ খন গাওঁ পঞ্চায়তত পঞ্চায়ত পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ জৰিয়তে শিল্পী সকলক নিৰ্বাচন কৰা হৈছে। পঞ্চায়ত পৰ্যায়ত বাছনি হোৱা শিল্পী সকলক লৈ জিলাৰ সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহত মানকাচৰ বিধানসভা সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হৈছে। এই সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ জৰিয়তে ভূপেন সংগীত, ৰাভা সংগীত, লোক সংগীত, ৰবীন্দ্ৰ সংগীতৰ লগতে বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি হাটশিঙিমাৰী প্ৰেক্ষাগৃহত বিহু নৃত্য প্ৰতিয়োগিতা অনুষ্ঠিত কৰা হয়। বিধানসভা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম কাইলৈ মানকাচৰ সমষ্টিত সামৰণি পৰিব। আনহাতে কাইলৈৰ পৰা তিনিদিনীয়াকৈ দক্ষিণ শালমাৰা মহাবিদ্যালয় খেল পথাৰত দক্ষিণ শালমাৰা বিধানসভা সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰা হ’ব। দুয়োখন সমষ্টি পৰ্যায়ৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাচত সমষ্টি দুখনৰ মাজত জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। জিলা পৰ্যায়ত বাছনি হোৱা শিল্পী সকলে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments