Friday, July 26, 2024
Google search engine
গৃহস্থানীয়কাইলৈ হাটশিঙিমাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ

কাইলৈ হাটশিঙিমাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ

কাইলৈ পুৱা ৮ বজাৰ পৰা হাটশিঙিমাৰী ষ্টাৰকেয়াৰ মেডিকেলত অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিবিৰ । গুৱাহাটীৰ মাৰুৱাৰী হাস্পাতালৰ উদ্বোগত ৫ গৰাকী বিশেষজ্ঞ চিকিৎসকৰ দলে হাটশিঙিমাৰী অঞ্চলৰ ৰোগীক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিব। ইতিমধ্যে মাৰুৱাৰী হাস্পাতালৰ ৫ গৰাকী চিকিৎসকৰ দল আহি উপস্থিত হৈছে ষ্টাৰকেয়াৰ মেডিকেলত । মহিলাৰ সকলৰ বাবে মহিলা চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সকলো প্ৰকাৰৰ বেমাৰৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব গুৱাহাটীৰ মাৰুৱাৰী হাস্পাতালে। হাটশিঙিমাৰী অঞ্চলৰ ৰোগী সকলে কাইলৈ পুৱা ৮ বজাত হাটশিঙিমাৰী ষ্টাৰকেয়াৰ মেডিকেলত উপস্থিত হৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ মাৰুৱাৰী হাস্পাতালৰ চিকিৎসা সঞ্চালক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মা ৰাইজক আহ্বান জনাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments