Saturday, July 27, 2024
Google search engine
গৃহবিজ্ঞানহাটশিঙিমাৰী মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাক বিদায়ী সম্বৰ্ধনা

হাটশিঙিমাৰী মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাক বিদায়ী সম্বৰ্ধনা

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা নেছিয়া বেগমক অৱসৰ পাচত বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

    উল্লেখযোগ্য যে, কালি দূপৰীয়াৰ ভাগত হাটশিঙিমাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলামৰ সভাপতিত্বত অৱসৰপ্ৰাপ্ত অধ্যাপিকা গৰাকীক বিদায়ী সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আজিজুল হক, হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ আব্দুল কাউুম সেখৰ উপৰিও হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অৰ্ধ শতাধিক অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰী সকল উপস্থিত থাকি প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নেছিয়া বেগমক বিদায়ী সম্বৰ্ধনা জনায়। অধ্যাপিকা গৰাকী যোৱা ১৯৯৯ চনৰ ২৩ আগষ্ট তাৰিখে হাটশিঙিমাৰী মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে কৰ্মত যোগদান কৰিছিল। মহাবিদ্যালয়খনৰ বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে কৰ্মত যোগাদান কৰি বিনা বেতনে দীৰ্ঘকাল পাঠদান দিয়াৰ পাচত শেহতীয়াকৈ প্ৰায় দুবছৰ পূৰ্বে টিউটৰ হিচাপে নিযুক্তি লাভ কৰিছিল। যোৱা ২৯ ফেব্ৰুৱাৰী তাৰিখে অধ্যাপিকা গৰাকী অৱসৰ লাভ কৰে। ইয়াৰ পাচত মহাবিদ্যালয় কতৃপক্ষৰ ফালৰ পৰা আজি আনুষ্ঠানিক বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments