Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত দুদিনীয়া কাৰ্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক প্ৰশিক্ষণ

দক্ষিণ শালমাৰাত দুদিনীয়া কাৰ্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক প্ৰশিক্ষণ

দক্ষিণ শালমাৰা-মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত গুৱাহাটীৰ পাটগাওঁস্থিত ১ নং বেটেলিয়ান এনডিআৰএফ বাহিনীয়ে দুদিনীয়া কাৰ্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক সজাগতা কাৰ্যসূচীৰ জৰিয়তে দক্ষিণ শালমাৰাৰ গাওঁ প্ৰধান, গাওঁৰক্ষী বাহিনীৰ সম্পাদক, পঞ্চায়ত প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ দিয়ে।

    উল্লেখযোগ্য যে ২১ আৰু ২২ ডিচেম্বৰত দক্ষিণ শালমাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ মুঠ ২৪ গৰাকী গাওঁপ্ৰধান, পঞ্চায়ত প্ৰতিনিধি, গাওঁৰক্ষী বাহিনীৰ সম্পাদক সকল আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সামূহিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ ফিল্ড অফিচাৰ আবু ছিদ্দিক, ১ নং বেটেলিয়ান এন ডি আৰ এফৰ ইন্সপেক্টৰ ইন্দ্ৰ মহন সিঙৰ লগতে চাৰিজনীয়া প্ৰশিক্ষকৰ দল উপস্থিত আছিল। দুৰ্যোগৰ সময়ত নিজে কিদৰে সাৱধানতাৰে আত্মৰক্ষা কৰিব পাৰি আৰু আনক কিদৰে সুৰক্ষিত ভাৱে উদ্ধাৰ কৰিব পৰা যায় তাক লৈ বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    মন কৰিবলগীয়া যে, মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত মানকাচৰ প্ৰেক্ষাগৃহত ১৯ ডিচেম্বৰত ৭০ গৰাকী গাওঁপ্ৰধানক একেধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ২০ ডিচেম্বৰত হাটশিঙিমাৰী এলেকাৰ মলাখোৱা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত ধুবুৰী-দক্ষিণ পাৰলৈ চলাচল কৰা ফেৰী চালক, স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলকো দুৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষই প্ৰতিবছৰে এন ডি আৰ এফৰ জৰিয়তে জিলাখনত ভিন্ন শ্ৰেনীৰ লোকক এনে প্ৰশিক্ষণ প্ৰদান কৰি দুৰ্যোগৰ পৰা নিজকে সুৰক্ষিত কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই বেলিও মুঠ চাৰিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এন ডি আৰ এফ বাহিনীয়ে ভিন্ন শ্ৰেনীৰ লোকক দুৰ্যোগ ব্যৱস্থাপনাৰ সামূহিক প্ৰশিক্ষণ প্ৰদান কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments