Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ হাজিৰহাটত ভূমিকেন্দ্ৰীক সংঘাত, পুখুৰীত বিহ ঢালি মাছ নিধন, দুজনৰ বিৰুদ্ধে এজাহাৰ,...

মানকাচৰৰ হাজিৰহাটত ভূমিকেন্দ্ৰীক সংঘাত, পুখুৰীত বিহ ঢালি মাছ নিধন, দুজনৰ বিৰুদ্ধে এজাহাৰ, গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ হাজিৰহাটৰ ছোট কাজিৰগাওঁত কালি দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত হোৱাৰ ফলত আৰক্ষীয়ে ছাদেৰ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ পাচত নিশা ৰহস্যজনক ভাৱে ছাদেৰ আলীৰ পুখুৰীত বিহ ঢালি মাছ নিধন কৰা ঘটনাক দুজনৰ বিৰুদ্ধে সুখচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।

প্ৰাপ্ত বাতৰি মতে, ছোট কাজিৰগাঁৱৰ ছাদেৰ আলী আৰু আমিনুল হক মাজত কালি বিয়লিৰ ভাগত হাজিৰহাটত মাৰপিটৰ ঘটনা সংঘটিত হয়। এই মাৰপিটৰ ঘটনাৰ পাচত সুখচৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ছাদেৰ আলীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ মাজতে নিশা ছাদেৰ আলীৰ পুখুৰীত ৰহস্যজনক ভাৱে বিহ ঢালি মাছ নিধন কৰাৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি মতে, ছাদেৰ আলীৰ জীয়েক সাজেদা খাতুন যোৱা নিশা প্ৰায় ১১ বজাত শৌচালায়লৈ যোৱা অৱস্থাত তেওঁলোকৰৰ ঘৰৰ কাষতে থকা পুখুৰীত দুই দূৰ্বৃত্তই বিহ ঢালি থকা প্ৰত্যক্ষ কৰে। ফলত দুয়োজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সাজেদা খাতুন দুয়োক চিনাক্ত কৰা বুলি দাবী কৰি দুয়োক বিহ কিয় ঢালিছে বুলি সোধা-পোছা কৰাত তেওঁক অশ্লীল গালি গালাজ দিয়াৰ লগতে কাপোৰ ফালি শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে সাজেদা খাতুনে। ইফালে পুৱাৰ ভাগত পুখুৰীৰ মাছ সমূহ নিধন হৈ উপঙি উঠাত পৰিয়ালটোৰ লক্ষাধিক টকাৰ ক্ষতিসাধণ হয়। পুখুৰীৰ পাৰৰ পৰা ৰহস্যজনক ভাৱে তিনিটা বিহৰ বটল উদ্ধাৰ হৈছে। ঘটনাক লৈ সাজেদা খাতুন সুখচৰ থানাত আমিনুল হক আৰু ছানু সেখৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ পাচত সুখচৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে কালিয়ে গ্ৰেপ্তাৰ হোৱা পুখুৰীৰ গৰাকী ছাদেৰ আলীক আজি হাটশিঙিমাৰী জিলা মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালাতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। কালি সংঘটিত হোৱা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ছাদেৰ আলীৰ পুখুৰীত আমিনুল হক আৰু ছানু সেখে বিহ ঢালিলে নে অন্য কোনে দূৰ্বৃত্তই বিহ ঢালিলে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব। কিন্তু বিহ ঢালি মাছ নিধন কৰা ঘটনাক লৈ হাজিৰহাট এলেকাত ৰহস্যৰ সৃষ্টি হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments