Wednesday, October 15, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত ২৪ গাওঁপ্ৰধানক দূৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ

দক্ষিণ শালমাৰাত ২৪ গাওঁপ্ৰধানক দূৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ

মানকাচৰৰ পাচত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ অধীনত থকা ২৪ গৰাকী গাওঁ প্ৰধানক আজি এন ডি আৰ এফ বাহিনীয়ে দূৰ্যোগ ব্যৱস্থাপনৰা সামূহিক প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে আজি দিনৰ ১১ বজাত দক্ষিণ শালমাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ ২৪ গৰাকী গাওঁ প্ৰধানক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। কাইলৈ পুনৰ পঞ্চায়ত প্ৰতিনিধি সকলক একে ধৰণে প্ৰশিক্ষণ প্ৰদান কৰা হব। লক্ষণীয় যে যোৱা ২০ ডিচেম্বৰ তাৰিখে হাটশিঙিমাৰীৰ মলাখোৱা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰৰ অধীনস্থ ব্যক্তিগত খণ্ডৰ ফেৰী আৰু নাওঁ চালক সকলক দূৰ্যোগ ব্যৱস্থাপনাৰ বাবে সামহিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। একেদৰে ১৯ ডিচেম্বৰত মানকাচৰৰ ৭০ গৰাকী গাওঁ প্ৰধানক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। গুৱাহাটীৰ পাটগাওঁৰ ১ নং বেটেলিয়ান এন ডি আৰ এফৰ ইনেছপেক্টৰ ইন্দ্ৰ মহন সিঙৰ লগতে ৪ জনীয়া প্ৰশিক্ষকৰ দলে এই প্ৰশিক্ষণ প্ৰদান কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments