Friday, October 18, 2024
Google search engine
গৃহক্ৰীড়াহাটশিঙিমাৰী ছুপাৰ লীগৰ ফাইনেলত ছেল্লাকান্দি । ২২ ডিচেম্বৰত দ্বিতীয় ছেমি ফাইনেল

হাটশিঙিমাৰী ছুপাৰ লীগৰ ফাইনেলত ছেল্লাকান্দি । ২২ ডিচেম্বৰত দ্বিতীয় ছেমি ফাইনেল

হাটশিঙিমাৰীত অনুষ্ঠিত হোৱা জিলা ছুপাৰ লীগৰ আজি প্ৰথম ছেমি ফাইনেলত মেঘালয়ৰ আমপাতী এভাৰ গ্ৰীন ফুটবল দলক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছে ছেল্লাকান্দি ফুটবল দলে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মানিক চৰকাৰ হাই স্কুল খেলপথাৰত বিগত প্ৰায় দুমাহ ধৰি ৩২ টা দলৰ মাজত জিলা ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ আহিছে। আজি দিনৰ ৩ বজাত ছেল্লাকান্দি আৰু মেঘালয়ৰ আমপাতি এভাৰ গ্ৰীন ফুটবল দলৰ মাজত প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত কৰা হয়। প্ৰথমখন ছেমিফাইনেলত ছেল্লাকান্দি দল জয়লাভ কৰি দলটোই ফাইনেলত স্থান নিশ্চিত কৰিছে। অহা ২২ ডিচেম্বৰত শান্তিপুৰ ই আৰ ক্লাব আৰু ভুৰাকাটা ছেভেন ব্ৰাদাৰ্ছ ফুটবল দলৰ মাজত দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত কৰা হব। লক্ষণীয় যে বিগত তিনি বছৰ ধৰি এইদৰে মানিক সৰকাৰ হাইস্কুল খেল পথাৰত জিলা ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি থকা পৰিলক্ষিত হৈছে। টুৰ্মামেণ্ট খনৰ চুড়ান্ত বিজয়ী দলক নগদ ২ লাখ ৫ হেজাৰ টকা সহ ট্ৰফী আৰু ৰানাৰ্চ আপ দলক নগদ ১ লাখ ৫ হেজাৰ টকা আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হব বুলি খেল পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments