Wednesday, September 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ৭০ বহি মূল্যায়কক গুণোৎসৱৰ প্ৰশিক্ষণ

হাটশিঙিমাৰীত ৭০ বহি মূল্যায়কক গুণোৎসৱৰ প্ৰশিক্ষণ

অহা ৩ জানুৱাৰীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰম্ভ হবলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ বাবে কালি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় সভা কক্ষত ৭০ গৰাকী বহি মূল্যায়কক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্য্যসূচীত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, অসম আৰক্ষীৰ ২৬ নং বেটেলিয়ানৰ জিলা অধিনায়ক সত্যজিৎ নাথ, হাটশিঙিমাৰী অতিৰিক্ত আয়ুক্ত ৰাহুল দলৈ, সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰফিউল আলম আৰু আউলাদ হুছেইনৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত আছিল। এইবেলি জিলাখনৰ মুঠ ৪০৬ খন চৰকাৰী বিদ্যালয়ৰ জৰিয়তে ৪২ হেজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গুণোৎসৱ অনুষ্ঠিত কৰি বিদ্যালয় সমূহ মুল্যায়ণ কৰা হ’ব বুলি সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া আউলাদ হুচেইনে জানিবলৈ দিছে। অহা ২৩ ডিচেম্বৰত হাটশিঙিমাৰী মহাবিদ্যালয়ত ৪০৬ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক গুণোৎসৱৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments