Friday, October 18, 2024
Google search engine
গৃহUncategorizedঅগ্নিকাণ্ড । নগত ৪.৫ লাখ টকা সহ ৩৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত

অগ্নিকাণ্ড । নগত ৪.৫ লাখ টকা সহ ৩৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত

ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ তাৰাংগাঝাৰ গাঁৱত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ ৪ লক্ষাধিক নগদ ধন আৰু চাৰিটা পৰিয়ালৰ কেবাটাও বাসগৃহ সহ প্ৰায় ৩৫ লাখ টকাৰ বিস্তৰ ক্ষতিসাধন হৈছে । তাৰাংগাঝাৰ গাৱৰ আবেদ আলী¸ জয়নাল আবেদিন¸ ছাদেক আলী আৰু ছামছুল হকৰ এটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে । ইয়াৰে আবেদ আলী নামৰ লোকজনৰ ঘৰত জমা ৰখা নগদ ৪ লাখ ৫০ হেজাৰ টকা সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত আবেদ আলীৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে। এই অগ্নিকাণ্ডত ঘৰত মজুত কৰি ৰখা কৃষিজাত সামগ্ৰীকে ধৰি প্ৰতিটো নথি পত্ৰ ভস্মীভূত হৈছে । চাৰিটা পৰিয়ালৰ প্ৰায় ৩৫ লাখ টকাৰ স্বামগ্ৰী ভুস্মিভুত হোৱাত পৰিয়াল কেইটা সৰ্বহাৰা হৈ পৰিছে । নিজৰ সপোনৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত পৰিয়াল কেইটা গৃহহীন হৈ পৰিছে। ফলত তেওঁলোক শোকত ভাগি পৰা পৰিলক্ষিত হৈছে । বিদ্যুত বিজুতি ঘটি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰিয়াল কেইটাক চৰকাৰৰ ফালৰ আৰ্থিক সহায় কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments