Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মছজিদৰ ছাদত বিদ্যুৎস্পৃষ্ট ! নিহত ১২ বছৰীয়া কিশোৰ

মছজিদৰ ছাদত বিদ্যুৎস্পৃষ্ট ! নিহত ১২ বছৰীয়া কিশোৰ

বন্দিহানা আৰক্ষী চকী এলেকাৰ অধীনস্থ ঝৰ্ণাৰচৰ গাঁৱত আজি দূপৰীয়া মছজিদ এখনৰ ছাদৰ ওপৰত খেলি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এটি ১২ বছৰীয়া কিশোৰ থিতাতে নিহত হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে। প্ৰাপ্ত বাতৰি মতে, গাওঁখনৰ শুকুৰ আলীৰ পুত্ৰ আছমত আলী আজি দূপৰীয়া প্ৰায় ১ বজাত আন সহযোগীৰ সৈতে স্থানীয় মছজিদৰ অট্টালিকাৰ দ্বিতীয় মহলাৰ ছাদৰ ওপৰত খেলি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত লাগি থিতাতে নিহত হয়। এই ঘটনাৰ পাচত বন্দিহানা আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পেলাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments