Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়বাংলাদেশত গৰু সৰবৰাহত জড়িত সুখচৰ সমবায় সমিতিৰ সদস্যক গ্ৰেপ্তাৰ

বাংলাদেশত গৰু সৰবৰাহত জড়িত সুখচৰ সমবায় সমিতিৰ সদস্যক গ্ৰেপ্তাৰ

বাংলাদেশ সীমান্তৱৰ্তী সুখচৰ থানা এলেকাৰ অধীনস্থ নাককাটিত মঙলবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ফেৰাজুল সেখ নামৰ এগৰাকী চোৰাং গোমাফিয়াক ১০ টা চোৰাং গৰু সহ আজি গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তীত নাককাটি নদীৰ পাৰত অভিযান চলাই থকা অৱস্থাত পশুধন সৰবৰাহকাৰীৰ দল এটা আৰক্ষীক দেখি পলায়ন কৰে যদিও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ১০ টা গৰু সহ ফেৰাজুল সেখক গ্ৰেপ্তাৰ কৰে। আজি দূপৰীয়াৰ ভাগত ফেৰাজুলক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে। যোৱা ৪ জুন তাৰিখেও সুখচৰ আৰক্ষী ফেৰাজুল সেখ সহ ৬ খোৱাৰা আৰু গোশালাৰ মালিকক গ্ৰেপ্তাৰ কৰিছিল। বাংলাদেশ সীমান্তৰ পৰা আৰক্ষী আৰু বিএছএফে জব্দ কৰা চোৰাং পশুধন আদালাতৰ পৰা খোৱাৰা আৰু গোশালাত লালন পালনৰ বাবে জমা কৰা হয়। কিন্তু জিলাখনৰ ৭ খন খোৱাৰা আৰু গোশালাৰ পৰা ৯৯১ টা পশুধন অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচত জিলা আৰক্ষীৰ নিৰ্দেশত সুখচৰ আৰক্ষীয়ে গোশালা আৰু খোৱাৰাৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ফেৰাজুল সেখৰ খোৱাৰাৰ পৰাও ৮৯ টা পশুধন অন্তৰ্ধান হৈছিল। ইফালে কিছুদিন পূৰ্বে কংগ্ৰেছৰ সমৰ্থনত ফেৰাজুল হক সুখচৰ সমবায় সমিতিৰ পৰা সদস্য হিচাপেও নিৰ্বাচিত হৈছে। খোৱাৰা গঠন কৰি দীৰ্ঘ দিনৰ পৰা পশুধন সৰবৰাহকাৰীৰ সহযোগত বাংলাদেশত গৰু সৰবৰাহ কৰি অহা বুলি ফেৰাজুল সেখৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments