Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ পৰা গুৱাহাটীলৈ অমৃত কলহ যাত্ৰাৰ

হাটশিঙিমাৰীৰ পৰা গুৱাহাটীলৈ অমৃত কলহ যাত্ৰাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ৰাজ্যত যোৱা ২০ ছেপ্টেম্বৰৰ পৰা দেশ তথা ৰাজ্যজুৰি অব্যাহত অমৃত কলহ যাত্ৰা। মোৰ মাটি মোৰ দেশ অনুষ্ঠানৰ লগত সংগতি ৰাখি, ৰাজ্যৰ প্ৰতিখন জিলাত অমৃত কলহ যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। নিজৰ জিলাখনৰ পৰা এমুঠি মাটি লৈ ৰাজ্য তথা দেশৰ ৰাজধানী অভিমুখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰা হৈছে। মোৰ মাটি মোৰ দেশ অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন ওৱাৰ্ড, ব্ল’ক তথা পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটি জিলাস্তৰত কলহ সমূহত লৈ আজি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ, ফেকামাৰী আৰু দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ পৰা মুঠ ৬ খন অমৃত কলহ লৈ আজি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰা হৈছে। জিলাৰ সদৰ হাটশিঙিমাৰী  আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দিনৰ প্ৰায় ১২ বজাত গুৱাহাটীলৈ অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হয়। জিলা প্ৰশাসনৰ পৰা জিলা অতিৰিক্ত আয়ুক্ত ৰিপুন জ্যোতি নাথ, জিলা অতিৰিক্ত আয়ুক্ত বন্নি ইনাম শ্বাদ্দাব, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, অমৃত কলহ যাত্ৰাৰ জিলা নডেল বিষয়া ইমতিয়াজ মণ্ডল, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কোস্তব দাস, ফেকামাৰী খণ্ড উন্নয়ন বিষয়া ভূপেন দাস আৰু দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়া ছালেহ হেদায়ত হুছেইন উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments