Friday, October 18, 2024
Google search engine
গৃহUncategorizedদক্ষিণ শালমাৰা-মানকাচৰত শান্তিপূৰ্ণ ভাবে ৪২ খন দেৱীৰ প্ৰতিমা বিসৰ্জন

দক্ষিণ শালমাৰা-মানকাচৰত শান্তিপূৰ্ণ ভাবে ৪২ খন দেৱীৰ প্ৰতিমা বিসৰ্জন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ চহৰৰ মেলাঘাট সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজয়া দশমীৰ বিসৰ্জন কাৰ্যসূচী মঙলবাৰে নিশা প্ৰায় ৯ বজাত শান্তিপূৰ্ণ ভাবে সামৰণি পৰিছে। মানকাচৰ মেলাঘাটত চহৰ খনৰ ১৮ খন দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে। দেৱী বিসৰ্জন কাৰ্যসূচীত মানকাচৰ আৰক্ষী, জিলা দূৰ্যোগ ব্যৱস্থাপন কতৃপক্ষ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন সহযোগ আগবঢ়ায়। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত নিশা প্ৰায় ৯ বজাত বিসৰ্জন কাৰ্যসূচী সম্পন্ন কৰা হয়। জিলা আৰক্ষী অধীক্ষক হৰেন টকবী মানকাচৰ দেৱী বিসৰ্জন কাৰ্যসূচীত উপস্থিত আছিল। লক্ষণীয় যে কালি জিলাখনত মুঠ ৪২ খন দেৱী দুৰ্গামাৰ প্ৰতিমা শান্তিপূৰ্ণ ভাৱে বিসৰ্জন দিয়া হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লালমাটি ঘাটতো অসমৰ চাৰিখন আৰু মেঘালয়ৰ ৭ খন দেৱীৰ প্ৰতিমা সহ মুঠ ১১ খন প্ৰতিমা একেলগে বিসৰ্জন দিয়া হৈছে । মানকাচৰত দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী মুছলমান লোক সকলেও পূৰ্ণ সহযোগিতা আগবঢ়াই ভাতৃত্বৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments