Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়SP ৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত ভূৱা সাংবাদিকৰ

SP ৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত ভূৱা সাংবাদিকৰ

আৰক্ষীৰ নামত ধন দাবী কৰি ৰঙা ঘৰত সোমাল ভূৱা সাংবাদিক ।  লখিমপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা । ফেচবুকত এখন পেচ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দি অহা একাংশ ভূৱা সাংবাদিকৰ কৰ্ম কাণ্ডত অতিষ্ঠ হৈছে ৰাজ্যৰ জনতা। লক্ষীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰা হয়। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মূৰ কামোৰণি হৈ পৰা ভূৱা সাংবাদিকটোক লালুক আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে।

প্ৰাপ্ত বাতৰি মতে, আব্দুল কালাম নামৰ যুৱক এজনে ফেচবুকত এটা পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি লখিমপুৰত বিভিন্ন অপকৰ্মত লিপ্ত আহিছিল। ধৃত আব্দুল কালামে জিলাখনত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নাম লৈ ব্যাপক দালালিত লিপ্ত হৈছিল। শেহতীয়া এটা ধৰ্ষণৰ গোচৰত আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰিছিল এই স্বয়ম্ভু ফেচবুক সাংবাদিকজনে। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বিষয়টো অৱগত হোৱাৰ পাচত ভূৱা সাংবাদিক কালামক বিচাৰি অভিযান আৰম্ভ কৰিছিল। যোৱা নিশা ৰে’লৰ জৰিয়তে পলায়নৰ চেষ্টা কৰোঁতেই হাৰমতি ৰে’লৱে ষ্টেচনত লালুক আৰক্ষীয়ে খেদি খেদি তেওঁক কৰায়ত্ব কৰে। কালামৰ উপৰিও আৰক্ষীয়ে আতিকুল ইছলাম নামৰ আন এটা দালালকো আটক কৰিছে।  পূৰ্বেও আৰক্ষীৰ নামত ধন লৈ জে’ললৈ গৈছিল স্বয়ম্ভু সাংবাদিক কালাম। পূৰ্বেও এইদৰে দালালিৰ ধন আনিবলৈ যোৱাত ৰাইজে কৰায়ত্ব কৰি চমজাই দিছিল আৰক্ষীক। জেলৰ ভাত খোৱা স্বয়ম্ভু সাংবাদিক কালাম নিজকে সংশোধন কৰাৰ বিপৰীতে দালালী চলাই গৈছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments