Friday, September 20, 2024
Google search engine
গৃহস্থানীয়কাইলৈ বিজয়া দশমী !

কাইলৈ বিজয়া দশমী !

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এইবেলি মুঠ ৪২ খন মন্দিৰত শান্তিপূৰ্ণ ভাবে উদযাপন কৰা হৈছে দুৰ্গোৎসৱ। বিজয়া দশমী উপলক্ষে কালি পুৱাৰে পৰা পুজা মণ্ডপ সমূহত দশমী পুজা অনুষ্ঠিত কৰাৰ লগতে ভক্তপ্ৰাণ লোক সকলে দেৱীক পুস্পাঞ্জলী প্ৰদান কৰিব। হিন্দু-মুছলমাৰ মিলনভূমি হিচাপে জনাজাত জিলাখনৰ প্ৰতিখন মন্দিৰৰ পুজাস্থলীত উলহ-মালহেৰে দূৰ্গোৎসৱ উদযাপন কৰা হৈছে। মঙলবাৰে দিনৰ প্ৰায় ২ বজাত বিজয়া দশমী পূজাৰ সামৰণি পৰিব। ২ বজাত দুৰ্গাদেৱী প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে প্ৰতিমা সমূহ নদীৰ ঘাটত নিয়া হ’ব। পশ্চিম আকাশত বেলি মাৰ যোৱাৰ পূৰ্বে প্ৰতিমা সমূহ বিসৰ্জন দিয়াৰ বাবে জিলা প্ৰশাসন পৰা নিৰ্দেশা প্ৰদান কৰা হৈছে। জিলাখনৰ মানকাচৰ, কালাপানী, হাটশিঙিমাৰী, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী লালমাটি ঘাটৰ জিঞ্জিৰাম নৈত দেৱীৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হ’ব। দেৱীৰ বিসৰ্জনত যাতে কোনো বিসৃংখল পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনে প্ৰতিখন বিসৰ্জনস্থলীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰিছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments