Friday, September 20, 2024
Google search engine
গৃহস্থানীয়আজি মহানৱমী ! মানকাচৰৰ বৰকোনা কালী ধামত কুমাৰী পূজা

আজি মহানৱমী ! মানকাচৰৰ বৰকোনা কালী ধামত কুমাৰী পূজা

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী বৰকোনা কালী ধামত আজি দিনৰ প্ৰায় ১১ বজাত কুমাৰী পূজা অনুষ্ঠিত কৰা হয়। আজি মহা নৱমীৰ দিনা পুৱা নৱমী পূজা অনুষ্ঠিত হোৱাৰ লগতে দেৱীক পুষ্পঞ্জলি প্ৰদান কৰা হয়। ইয়াৰ পাছত দিনৰ ১১ বজাত ৯ গৰাকী কুমাৰীক দেৱীৰ ৰূপ দি কুমাৰী পূজা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য বৰকোনা কালী ধামত বিগত ৭৭ বছৰৰ পৰা দূৰ্গাপূজা অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে ৩৩ বছৰ ধৰি ধাম খনত কুমাৰী পূজা অনুষ্ঠিত কৰি অহা হৈছে।

আজি দিনৰ ১১ বজাত কালী ধাম খনত ৩৩ সংখ্যক কুমাৰী পুজা অনুষ্ঠিত কৰা হয় । কুমাৰী পূজাত ৯ গৰাকীকৈ কণমানি কুমাৰীক দূৰ্গাদেৱীৰ ৰূপত সজাই পৰম্পৰাগত ৰীতি-নীতিৰে পুৰোহিতৰ হতুৱাই পুজা অৰ্চনা কৰা হয়। কুমাৰী পুজা চাবলৈ বৰকোনা কালী ধামত অসমৰ লগতে মেঘালয়ৰ পৰাও কোচ, হাজং, বঙালী সম্প্ৰদায়ৰ ভক্ত সকলে ভীৰ কৰা পৰিলক্ষিত হয়। ভক্ত সকলে পূজা-অৰ্চনা কৰি শ্ৰী শ্ৰী কালী ধামত দুৰ্গাদেৱীক আৰাধাণা কৰে। জিলা খনৰ ভিতৰত এইখনেই একমাত্ৰ কালী ধাম যত বিগত ৩৩ বছৰ ধৰি কুমাৰী পূজা অনুষ্ঠিত কৰি অহা হৈছে বুলি নলবাৰী জিলাৰ পৰা অহা পূজাৰী জনে জানিবলৈ দিছে ।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments