ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ মৈৰাকুচি গাঁৱত আজি দিনৰ প্ৰায় ১১ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ ছাদ্দাম হুছেইন নামৰ দিন হাজিৰা কৰা লোকজনৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ প্ৰায় ৫ লক্ষাধিক টকাৰ ক্ষতি সাধন হয়। বিদ্যুতি বিজুতি ঘটি এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্য ৰাইজৰ ততপৰতাত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা গাওঁখন ৰক্ষা পৰে।